‘বিশ্ব সুন্দৰী’ৰ স্বভাৱত অতিষ্ঠ ‘বিগ বি’ৰ পৰিয়াল

অভিনয়তকৈ বেছি ব্যক্তিগত বিষয়ক কেন্দ্ৰ কৰিহে বেছিকৈ চৰ্চাত থাকিবলৈ লৈছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰিয়াল। বিগত কিছুদিন ধৰি মেগাষ্টাৰজনৰ পুত্ৰ অভিষক বচ্চন আৰু বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে পত্নী জয়া বচ্চন আৰু কন্যা শ্বেতা বচ্চনৰ সম্পৰ্কই বেছ চৰ্চা লাভ কৰিছে। পুত্ৰ-বোৱাৰীৰ লগত হেনো সম্পৰ্ক ভাল নহয় জয়া-শ্বেতাৰ।

author-image
Asomiya Pratidin
New Update
‘বিশ্ব সুন্দৰী’ৰ স্বভাৱত অতিষ্ঠ ‘বিগ বি’ৰ পৰিয়াল

ডিজিটেল ডেস্ক: অভিনয়তকৈ বেছি ব্যক্তিগত বিষয়ক কেন্দ্ৰ কৰিহে বেছিকৈ চৰ্চাত থাকিবলৈ লৈছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰিয়াল। বিগত কিছুদিন ধৰি মেগাষ্টাৰজনৰ পুত্ৰ অভিষক বচ্চন আৰু বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে পত্নী জয়া বচ্চন আৰু কন্যা শ্বেতা বচ্চনৰ সম্পৰ্কই বেছ চৰ্চা লাভ কৰিছে। পুত্ৰ-বোৱাৰীৰ লগত হেনো সম্পৰ্ক ভাল নহয় জয়া-শ্বেতাৰ। 

Advertisment

হয়, এই বিষয়টোয়ে বহুদিন ধৰি পৰিয়ালটোৰ অনুৰাগীসকলক চিন্তিত কৰি তুলিছে।যাৰ বাবে  অনুৰাগীসকলে সদায়েই শাহু জয়া বচ্চন আৰু ভগ্নী শ্বেতা বচ্চনৰ সৈতে ঐশ্বৰ্যৰ সম্পৰ্ক জানিবলৈ আগ্ৰহী হৈ থাকে।শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত শ্বেতাৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। য’ত তেওঁ ভাতৃ অভিষেক বচ্চনৰ সন্মুখতে ঐশ্বৰ্যৰ বেয়া স্বভাৱৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। এই ভিডিঅ’টো ‘কফি উইথ কৰণ’ নামৰ টক শ্ব'টোৰ।

প্ৰকৃততে, এই শ্ব’টোৰ এটা খণ্ডত আয়োজক কৰণ জোহৰে শ্বেতাক ঐশ্বৰ্য-অভিষেকৰ বিষয়ে সুধিছিল যে তেওঁলোকৰ বিষয়ে তেওঁ কি ভাল পায়, কি ঘৃণা কৰে আৰু কি সহ্য কৰে। শ্বেতাই ইয়াৰ উত্তৰত কৈছিল- ঐশ্বৰ্য এগৰাকী স্ব-নিৰ্মিত, শক্তিশালী মহিলাৰ লগতে এগৰাকী দায়িত্বশীল মাতৃ। তেওঁ অভিনেত্ৰীগৰাকীৰ সময় পৰিচালনাৰ কৌশলকো প্ৰশংসা কৰে। একে সময়তে, শ্বেতাই ঐশ্বৰ্যৰ এটা স্বভাৱৰ বিষয়ে ৰাজহুৱা কৰে, যিটো তেওঁ তথা তেওঁৰ পৰিয়ালে একেবাৰেই বেয়া পায়।শ্বেতাই কয়, ‘বৌয়ে ফোনকল আৰু মেছেজৰ একেবাৰেই ৰিপ্লাই নিদিয়ে।’ একে সময়তে, শ্বেতাই ভাতৃ অভিষেকক প্ৰশংসা কৰি কয়, ‘অভিষেক নিষ্ঠাৱান আৰু পৰিয়ালৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত।কেৱল পুত্ৰ হিচাপেই নহয়, স্বামী হিচাপেও।’ উল্লেখ্য যে, এই ভাইৰেল ভিডিঅ’টো বহু বছৰৰ পুৰণি।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত