/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/golp-editing-design-new-number.jpg)
● কমলেশ বৈশ্য
'সাহিত্য সন্ধান' চুটি গল্প- ৪১
মেচেঞ্জাৰত মেচেজটো দেখাৰ লগে লগে অভিষেকৰ মনত আনন্দৰ জোঁৱাৰ উঠিল৷ আনন্দতে কি কৰিব, কি নকৰিব এনে এক অৱস্থাৰ সৃষ্টি হ'ল অভিষেকৰ৷ দীৰ্ঘদিনৰ সাধনাই যেন সিদ্ধি লাভ কৰিলে, এনে লাগিল অভিষেকৰ৷ মেচেজৰ ৰিপ্লাই দিব পাহৰি গ'ল সি৷
'সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছো ' আকাংক্ষাই মেচেঞ্জাৰত প্ৰেৰণ কৰা এই মেচেজটো বাৰে বাৰে পঢ়ি থাকিল অভিষেকে৷ মেচেজৰ ৰিপ্লাইৰ কথা ভাবি থাকোতে হঠাতে আকৌ এটা মেচেজ আহিল৷ -" চ'ৰি অভিষেক৷ মই আন এজনক দিব খোজা মেচেজটো তোমাৰ তাত গ'ল৷ প্লিজ মেচেজটো ডিলিট কৰি দিবা ৷ কোনোবাই কিবা ভাবিব পাৰে৷'
মেচেজটো পঢ়ি অভিষেকে লিখিলে- "আকাংক্ষা, চিন্তা নকৰিবা৷ অন্তত মই তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিও৷ মেচেজটো ডিলিট কৰাই নহয়, মেচেঞ্জাৰ এপচটোকে আনইনষ্টল কৰি দিম৷ "
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us