/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/12/05a25c7a-f5bc-42bd-a32f-a31e2ff20e1a.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ জ্যেষ্ঠ অভিনেতা বিগ বি বৰ্তমান ব্যস্ত 'ব্ৰহ্মাস্ত্ৰ' শীৰ্ষ ছবিৰ শ্বুটিঙত। ছবিখনৰ শ্বুটিঙৰ বাবে হিমাচলপ্ৰদেশত আছে অভিনেতাগৰাকী। হিমাচলপ্ৰদেশৰ মানালীত শ্বুটিং কৰাতো এক সুন্দৰ অনুভৱ বুলিও কয় অমিতাভ বচ্চনে।
T 3569 – To the warm loving and ever smiling well wishers from Himachal Pradesh, and in particular from where we work – Manali .. thank you for all the love and generous care !
Wearing their traditional welcome ..🙏 pic.twitter.com/b3WVDXW0eB
— Amitabh Bachchan (@SrBachchan) December 4, 2019
অমিতাভ বচ্চনে ছ'চিয়েল মিডিয়াত এই সন্দৰ্ভত লিখে- 'হিমাচলপ্ৰদেশৰ জনসাধাৰণৰ অতিথি আপ্যায়ন, মৰম আৰু ভালপোৱা অতুলনীয়। তেওঁলোকে সন্মান কৰে, হাঁহি থাকে আৰু সকলোকে উষ্ম আদৰণি জনায়। তেওঁলোকে কম কথা কয়, কিন্তু সকলোকে উষ্ম আদৰণি জনায়।'
T 3567 – ..minus degrees ..err like -3 .. protective gear .. and the work etiquette .. pic.twitter.com/EdB3maKZpA
— Amitabh Bachchan (@SrBachchan) December 1, 2019
লগতে অমিতাভ বচ্চনে লিখে- 'হিমাচলপ্ৰদেশআৰু মানালীৰ ৰাইজে আমাৰ চোৱাচিতা কৰাৰ বাবে ধন্যবাদ…।' উল্লেখ্য যে, অমিতাভবচ্চনৰ লগতে হিমাচলপ্ৰদেশত 'ব্ৰহ্মাস্ত্ৰ' ছবিখনৰ শ্বুটিঙত ব্যস্ত আছে অভিনেতাৰণবীৰ কাপুৰ আৰু অভিনেত্ৰী আলিয়া ভট। তেওঁলোকৰ একেলগে কেইখনমান ফটোও ছ'চিয়েল মিডিয়াতএতিয়া ভাইৰেল হৈ পৰিছে।