জনপ্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যু…

জনপ্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যু…

author-image
asomiyapratidin
New Update
জনপ্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমণিয়ামৰ মৃত্যু…

ডিজিটেল ডেস্ক: ১১ এপ্ৰিলত বলিউড জগতলৈ আহে এটি দুখজনক খবৰ। ৰবিবাৰে নিশা মৃত্যুক সাৱতি লয় শিৱ কুমাৰ সুব্ৰমণিয়ামে। জনপ্ৰিয় অভিনেতা তথা চিত্ৰনাট্যকাৰ শিৱ কুমাৰ সুব্ৰমণিয়াৰ মৃত্যুৱে শোকৰ ছা পেলাইছে বলিউড তথা ছবি প্ৰেমী ৰাইজৰ মাজত।

Advertisment

বিগত বৰ্গত "মিণাক্ষী সুন্দৰেশ্বৰ" নামৰ ছবিখনত দেখিবলৈ পোৱা গৈছিল অভিনেতা গৰাকীক। এই ছবিখনত ছান্যা মলহোত্ৰাক মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল।

অভিনেতা গৰাকীৰ মৃত্যুৰ পাছতেই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰিছে কেইবাজনো অভিনেতা অভিনেত্ৰীয়ে। অভিনেতা গৰাকীয়ে কেইবাখনো হিন্দী ছবি যেনে-ৰকী হেণ্ডচাম, টু ষ্টেটচ আদিত অভিনয় কৰিছে।

আৰু পঢ়ক: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী…

actor bollywood