/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/Capture-7.png)
অতি শীঘ্ৰেই এসময়ৰ জনপ্ৰিয় শ্ব' 'শক্তিমান' দেখিবলৈ পোৱা যাব ডাঙৰ পৰ্দাত। ছোনী পিকচাৰ্চ ইণ্ডিয়াই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে। 'শক্তিমান' এসময়ৰ এক জনপ্ৰিয় শ্ব আছিল যি কেইবাবছৰো ডিডি নেশ্যনেলত প্ৰচাৰ হৈছিল।
উল্লেখ্য যে, 'শক্তিমান'ৰ চৰিত্ৰত বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতাই অভিনয় কৰিব। ছোনী পিকচাৰ্চ ইণ্ডিয়াই অভিনেতা-প্ৰযোজক মুকেশ খান্নাৰ ভীষ্ম ইণ্টাৰনেচনেল আৰু ব্ৰিউয়িং থটছ প্ৰাইভেট লিমিটেডৰ সৈতে লগ হৈ এই ছবি নিৰ্মাণ কৰাৰ দিশত আগবাঢ়িছে। অতিশীঘ্ৰেই 'শক্তিমান'ৰ যাদু এতিয়া ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব। শক্তিমান এতিয়ালৈকে ভাৰতৰ আটাইতকৈ লোকপ্ৰিয় শ্বৰ ভিতৰত অন্যতম।
BIG ANNOUNCEMENT: SONY PICTURES TO BRING THE ICONIC 'SHAKTIMAAN' TO THE BIG SCREEN…
⭐ This time, #Shaktimaan will be made for *cinemas*.
⭐ Will be a trilogy.
⭐ One of #India's major superstars will enact the title role.
⭐ A top name will direct. pic.twitter.com/ood6KvghPM
— taran adarsh (@taran_adarsh) February 10, 2022
১৯৯০ চনত শক্তিমান চিৰিয়েলখনে শিশুসকলৰ মাজত বহু জনপ্ৰিয়তা লাভ কৰিছিল।এই চিৰিয়েলখনত পণ্ডিত গংগাধাৰৰ চৰিত্ৰত মুকেশ খান্নাই অভিনয় কৰিছিল,যাৰ ওপৰত বহু শক্তি আছিল।তেনেকৈয়ে তেওঁ শক্তিমান হৈ দেশৰ পৰা অশুভ শক্তি আঁতৰ কৰাৰ বাবে কাম কৰি গৈছিল।এই চিৰিয়ল খনেই এতিয়া ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব।