কবিৰ সিঙে দাম বঢ়ালে শ্বাহিদ কাপুৰৰ…

কবিৰ সিঙে দাম বঢ়ালে শ্বাহিদ কাপুৰৰ…

author-image
asomiyapratidin
New Update
কবিৰ সিঙে দাম বঢ়ালে শ্বাহিদ কাপুৰৰ…

ডিজিটেল ডেস্কঃ কবিৰ সিং, দীৰ্ঘ বিৰতিৰ মুৰত অভিনেতা শ্বাহিদ কাপুৰৰ এখন ছুপাৰ ডুপাৰ হিট ছবি। মুক্তিৰ ১২ টা দিনৰ অন্তত ছবিখনে প্ৰৱেশ কৰিছে ২০০ কোটিৰ ক্লাৱত। ছবিখনত শ্বাহিদৰ দমদাৰ অভিনয়ক আদৰি লৈছে দৰ্শকে। বিশেষকৈ নৱপ্ৰজন্মক খুবেই আৰ্কষিত কৰিছে ছবিখনে। ইতিমধ্যে ছবিখনৰ গীতকেইটাও আদৰি লৈছে দৰ্শকে। দক্ষিণৰ ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবিৰ সিং।

কবিৰ সিঙৰ পূৰ্বে অভিনেতা শ্বাহিদ কাপুৰৰ বিশেষ কোনো ছবি বহুদিন ধৰি হিট হোৱা নাছিল। কবিৰ সিঙৰ পাছত প্ৰযোজক-পৰিচালকৰ পুনৰ চকুৰ পৰিছে শ্বাহিদৰ ওপৰত। শ্বাহিদেও এই সময়ৰ পূৰ্ণ সুযোগ লৈছে। প্ৰাপ্ত খবৰ অনুসৰি শ্বাহিদে পূৰ্বে ১ খন ছবিৰ বাবে লোৱা ১০-১২ কোটি চেৰাই এতিয়া এখন ছবিৰ বাবে দাবী কৰিছে ২১ কোটি টকা। ইতিমধ্যে শ্বাহিদে কেইবাখনো ছবিৰ কামো অফাৰ পাইছে।