/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7eb35e44-c1e3-4f7c-b1f5-6e3a7d2c6e4a/Pratidin_Template__7_.png)
শ্বাহৰুখ খানৰ ‘মন্নত’
ডিজিটেল ডেস্ক: কেৱল বলীউডৰে নহয়, ‘ৰিয়েল লাইফ’তো ‘বাদশ্বাহ’য়েই শ্বাহৰুখ খান। ‘বাদশ্বাহ’তকৈ কোনো গুণে কম নহয় তেওঁৰ ব্যক্তিগত জীৱনৰ শৈলী।শ্বাহৰুখ খানৰ সমান্তৰালকৈ তেওঁৰ অতি আকৰ্ষণীয় ঘৰ ‘মন্নত’ও প্ৰায়ে চৰ্চাত থাকে। শ্বাহৰুখৰ অনুৰাগীৰ বাবে পৰ্যটনস্থলীতকৈ কোনো গুণে কম নহয় এই ‘মন্নত’।
পিছে এতিয়া সলনি হ’ল ‘মন্নত’।অনুৰাগীক আকৰ্ষিত কৰা ‘মন্নত’ এতিয়া আৰু নাই। ‘কিং অফ ৰোমাঞ্চ’ শ্বাহৰুখ খানে সলাই দিলে ‘মন্নত’ৰ ৰূপ।হয়, শেহতীয়াকৈ শ্বাহৰুখ খানে ঘৰটোৰ পূৰণা নামফলক সলনি কৰি হীৰা খচিত নতুন নামফলত লগাইছে।যাৰ বাবে এতিয়া চৰ্চাৰ শীৰ্ষত আছে ‘হীৰা’ৰ ‘মন্নত’।শ্বাহৰুখৰ পত্নী গৌৰী খানে ছছিয়েল মেডিয়াত এই নতুন নামফলকৰ সৈতে এখন ফটো শ্বেয়াৰ কৰাৰ পাছতে অনুৰাগীৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই ছুপাৰষ্টাৰজনে তেওঁৰ ঘৰৰ মূল প্ৰৱেশদ্বাৰখন সলনি কৰাৰ লগতে দুয়োফালে দুখন হীৰা খচিত নাম ফলক লগাইছে।এখনত ‘মন্নত’ আৰু আনখনত ‘লেণ্ডছেণ্ড’ লিখা আছে।নিশাৰ আন্ধাৰত নক্ষত্ৰত দৰে জিলিকি থকা এই হীৰা খচিত ফলকৰ ফটো ছছিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত ‘মন্নত’ৰ সন্মুখত অনুৰাগীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে।
শ্বাহৰুখ খানৰ ‘মন্নত’ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত।প্ৰায় ২০০ কোটিটকীয়া এই ঘৰটো সাগৰৰ ফালে মূৰ কৰি আছে, যিয়ে ঘৰটোৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰি আছে।এই ঘৰটো ছয় মহলীয়া।ঘৰৰ ভিতৰচ’ৰাত একাধিক শোৱনি কোঠা, এটা ব্যায়ামাগাৰ, ছুইমিং পুল, পুথিভঁৰাল আৰু এটা ব্যক্তিগত প্ৰেক্ষাগৃহ আছে। ‘মন্নত’ মুম্বাইৰ আটাইতকৈ ব্যয়বহুল ঘৰসমূহৰ অন্যতম।শ্বাহৰুখ খানে এই ঘৰটোত পত্নী গৌৰী খান, দুই পুত্ৰ আৰ্য়ান খান আৰু আবৰাম খান, কন্যা ছুহানা খান আৰু ভগ্নী ছেহনাজৰ সৈতে বাস কৰে।
ব্যতিক্ৰমী অভিনয়ৰ বাবে দৰ্শকৰ মনত ৰাজ কৰা শ্বাহৰুখ খানক শীঘ্ৰেই দৰ্শকে পুনৰ ‘বিগ স্ক্ৰীণ’ত দেখিবলৈ পাব।২৫ জানুৱাৰীত ছবিগৃহলৈ আহিব ‘কিং খান’ৰ বহু প্ৰত্যাশিত ছবি ‘পাঠান’। ‘পাঠান’ৰ ‘টিজাৰ’ আৰু ‘প’ষ্টাৰ’ ইতিমধ্যে মুকলি হৈছে আৰু দৰ্শকৰো অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। একশ্যন ধৰ্মী এই ছবিখনত শ্বাহৰুখৰ লগতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকন আৰু জন আব্ৰাহামে।আনহাতে, আগন্তুক বৰ্ষত মুক্তি পাব লগীয়া শ্বাহৰুখৰ আন ছবি কেইখন হৈছে ‘জৱান’, ‘ডংকী’ আৰু ‘হেই ৰাম’।