/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/80323682-dc05-4a0d-be9d-2216daea02da.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ এটা ভিডিঅ' বৰ্তমান ছ'চিয়েল মিডিয়াতই ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা গৈছে যে, অভিনেতাগৰাকীয়ে কোনো ব্যক্তিৰ সৈতে ম'বাইলত কথা পাতি আছে। আৰু ফোনৰ সিটো মূৰৰ ব্যক্তিজনে তেওঁক দিছে এক নতুন কাম।
এই ভিডিঅ'টো নেটফ্লিক্স ইণ্ডিয়াৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ'টো টুইটাৰত আপলোড কৰাৰ পাছতেই ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে। আৰু ভিডিঅ'টোৰ ৰহস্য ২২ আগষ্টত জানিব পৰা যাব বুলি এক ইংগিতো দিছে।
Still waiting on that callback, @iamsrk. pic.twitter.com/JJygsX9Wfw
— Netflix India (@NetflixIndia) August 19, 2019
উল্লেখ্য যে, শ্বাহৰুখ খানে বৰ্তমান নেটফ্লিক্সত দুটা নতুন প্ৰজেক্টত কাম কৰি আছে। প্ৰথমটো প্ৰজেক্টটো হ'ল 'বেটাল' আৰু আনটো হ'ল 'বৰ্ড অৱ ব'ল্ড'। সেয়েহে শ্বাহৰুখ খানৰ অনুগামীসকলে ২২ আগষ্টতহে জানিবলৈ পাব এই ফোন কলটো আচলতে কোনে আৰু কিয় কৰিছিল তেওঁ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us