/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/cd799ff6-0fad-41f4-9cf8-039687b83e33.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানেপ্ৰমাণ কৰিলে যে কেৱল ছবিজগততে নহয়, বাস্তৱতো তেওঁ এজন হিৰ'। দৰাচলতে, দীপাৱলীউদযাপনৰ বাবে বিগ বি অমিতাভ বচ্চনৰ বাসগৃহত অনুষ্ঠিত এক পাৰটিত উপস্থিত হৈছিলবলিউডৰ কেইগৰাকীও তাৰকা। সেই সময়তে সংঘটিত হয় এক অঘটনা।
জনপ্ৰিয় অভিনেতা তথা অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বৰ্য্য ৰায়ৰ মেনেজাৰ অৰ্চনা সদানন্দৰ কাপোৰত লাগে জুই। জুই লগাৰ পাছত সকলো শংকিত হৈ পৰে। কিন্তু শ্বাহৰুখ খানে তেওঁৰ কাপোৰত লগা এই জুই নুমুৱাই। বলিউড লাইফৰ সমীক্ষা অনুসৰি, ২৮ অক্টোবৰ পুৱা সংঘটিত হৈছিল এই ঘটনা। আৰু সেই সময়ত অমিতাভ বচ্চনৰ বাসগৃহত বহু লোক উপস্থিত নাছিল।
👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻👏🏻@iamsrk mohabbatman to the rescue ! Praying for Archana 's speedy recovery 🙏🏻 pic.twitter.com/jbbRhU40lL
— TheFarahKhan (@TheFarahKhan) October 30, 2019
এই ঘটনাত অৰ্চনা সদানন্দ কিছু আহতহৈছে আৰু তেওঁক বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। মহিলাগৰাকীৰ হাত-ভৰিৰ প্ৰায়১৫ শতাংশ অংশ জ্বলি গৈছে। ইফালে, এই ঘটনাৰ পাছত বলিউডৰ পৰিচালক ফাৰহা খানে এটাটুইট কৰিছে য'ত তেওঁ অৰ্চনা সদানন্দ শীঘ্ৰে সুস্থ হোৱাৰ কামনা কৰাৰ লগতে শ্বাহৰুখখানৰ প্ৰশংসাও কৰিছে।