Sara-Shubman: ছাৰাৰ সৈতে সম্পৰ্ক: মুখ খুলিছে শুভমানে

এইবাৰ অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ সম্পৰ্কৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে ছাৰা আলী খানে।

author-image
Asomiya Pratidin
New Update
Sara-Shubman: ছাৰাৰ সৈতে সম্পৰ্ক: মুখ খুলিছে শুভমানে

Sara ali khan Shubman gill

ডিজিটেল ডেস্ক: Sara-Shubman: এইবাৰ অভিনয়ৰ বাবে নহয়, ব্যক্তিগত জীৱনৰ সম্পৰ্কৰ বাবেহে বাতৰিৰ শিৰোনাম দখল কৰিছে ছাৰা আলী খানে।হয়, ছাৰা আলী খান আৰু ক্ৰিকেটাৰ শুভমান আলীৰ 'ডেটিঙ'ৰ খবৰে এতিয়া চৌদিশে খুবেই চৰ্চা লাভ কৰিছে।

Advertisment

এই চৰ্চা এখন বিশেষ ফটোক লৈ আৰম্ভ হৈছিল। ফটোখনত ছাৰা আৰু শুভমানে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল।ছ’ছিয়েল মেডিয়াত এই ফটোখন ভাইৰেল হোৱাৰ পাছৰে পৰা দুয়োজনে বহু প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল।পিছে দুয়োজনে তেওঁলোকৰ সম্পৰ্কৰ কথা বৰ্তমানেও ৰাজহুৱা নকৰাত দুয়োৰে গুণমুগ্ধই ছ’ছিয়েল মিডিয়াত অসন্তুষ্টি প্ৰকাশ কৰাও দেখা গৈছে।

শেহতীয়কৈ এটা সাক্ষাতকাৰত শুভমান গীলে আওপকীয়াকৈ হ’লেও ছাৰাৰ প্ৰতি থকা তেওঁৰ আৰ্কষণৰ বিষয়ে প্ৰকাশ কৰিছে।সাক্ষাতকাৰটোত পাৰেমানে ছাৰাৰ গুণ বখানিলে শুভমান গীলে।দুয়োৰে মাজত কি সম্পৰ্ক আছে বুলি সোধাৰ প্ৰশ্নৰ উত্তৰত ক্ৰিকেটাৰজনে পোনপটীয়াকৈ একো ন’কলেও এই সম্পৰ্কৰ কথা কিন্তু একেবাৰেই নুই নকৰিলে।

উল্লেখ্য, বলীউডী আৰু ক্ৰিকেট তাৰকাৰ সম্পৰ্কই অতীজৰে পৰা বিশেষ চৰ্চা লাভ কৰি আহিছে। ইয়াৰে কিছু সফল হোৱাৰ বিপৰীতে আন কিছুৰ সম্পৰ্কই একো নাম নাপালে।

sara ali khan subhman gill