/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/sang.png)
ডিজিটেল ডেস্ক: নিউয়ৰ্ক ফেশ্বন উইকত জ্বিলিকি উঠিল অসমৰ চহকী হাতে বোৱা পাট-মুগাৰ মেখেলা-চাদৰ। প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্ত দত্তই অনুপম চানেকিৰে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপতত জিলিকালে পাট-মুগাৰ মেখেলা চাদৰ।
নিউয়ৰ্কত অনুষ্ঠিত নিউয়ৰ্ক ফেশ্বন উইক ২০২২ত অসম কন্যা সংযুক্তা দত্তৰ মূল বিষয়-বস্তু হৈছে 'আলফুল' শীৰ্ষক ডিজাইন।এই ডিজাইনত আছে পাট-মুগাৰৰ হাতে বোৱা মেখেলা-চাদৰ, শাৰী, ফ্লই গাউন,দ্ৰেপ-স্কাৰ্ট, লেহেংগা আদি।
অসমৰ হস্তশিল্পক আধুনিকতাৰ সংমিশ্ৰণেৰে বিশ্বৱাসীৰ মাজত চিনাকী কৰি দিয়াই হৈছে 'আলফুল' ফেশ্বন ডিজাইনৰ মূল লক্ষ্য।
উক্ত অনুষ্ঠানত নিউয়ৰ্কৰ ভাৰতীয় দূতবাসৰ ৰণধীৰ জেইচৱাল, বৰুণ জেপ আদিকে ধৰি বহু গন্য মান্য ব্যক্তিয়ে সংযুক্তাৰ ডিজাইনৰ ভূয়সী প্ৰশংসা কৰে।