‘মুন্না ভাই’ৰ মূৰত পৰিছে বহুকেইটা চিলাই, চিন্তিত অনুৰাগী

প্ৰিয় তাৰকাজনৰ কেতবোৰ অবাঞ্চিত খবৰে সময়ে সময়ে অনুৰাগীসকলৰ খুবেই চিন্তিত কৰি তোলে।বলীউডৰ ছুপাৰষ্টাৰ তথা ‘মুন্না ভাই’ সঞ্জয় দত্তৰ অনুৰাগীসকলো এই মূহুৰ্তত গভীৰ চিন্তাত পৰিছে। হয়, আঘাতপ্ৰাপ্ত হৈছে সঞ্জয় দত্ত। 'ডাবল আইস্মাৰ্ট' ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁ মূৰত গুৰুতৰ আঘাত পাইছে।

author-image
Asomiya Pratidin
New Update
‘মুন্না ভাই’ৰ মূৰত পৰিছে বহুকেইটা চিলাই, চিন্তিত অনুৰাগী

ডিজিটেল ডেস্ক: প্ৰিয় তাৰকাৰ কেতবোৰ অবাঞ্চিত খবৰে সময়ে সময়ে অনুৰাগীসকলৰ খুবেই চিন্তিত কৰি তোলে।বলীউডৰ ছুপাৰষ্টাৰ তথা ‘মুন্না ভাই’ সঞ্জয় দত্তৰ অনুৰাগীসকলো এই মূহুৰ্তত  গভীৰ চিন্তাত পৰিছে। হয়, আঘাতপ্ৰাপ্ত হৈছে সঞ্জয় দত্ত। 'ডাবল আইস্মাৰ্ট' ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত তেওঁ মূৰত গুৰুতৰ আঘাত পাইছে। এই দুৰ্ঘটনাটোৰ পিছত তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁৰ মূৰত বহুকেইটা চিলাই পৰিছে যদিও সম্প্ৰতি তেওঁ সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে।

Advertisment

বেংককত পূৰ্ণগতিত দৃশ্যগ্ৰহণ চলি থকা এই ছবিখনৰ এটা দৃশ্যত অভিনেতাজনে তৰোৱালৰ সৈতে যুঁজ দি থাকোতেই মূৰত আঘাত পায়। অৱশ্যে, তেওঁ সুস্থ হৈ এতিয়া আকৌ দৃশ্যগ্ৰহণলৈ উভতি আহিছে যদিও কিছু বিশ্ৰাম কৰি আছে। সঞ্জয় দত্তই কেইদিনমান পূৰ্বে ‘ডাবল আইস্মাৰ্ট’ৰ পৰিচালক জগন্নাথ জি পুৰীৰ সৈতে কাম কৰাৰ অভিজ্ঞতা ছ’চিয়েল মেডিয়াৰ জৰিয়তে অনুৰাগীৰ আগত শ্বেয়াৰ কৰে। উল্লেখ্য যে, অভিনেতাজন ইয়াৰ আগতেও দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল। পেন ইণ্ডিয়াৰ ছবি 'কেডি: দ্য ডেভিল'ৰ সময়তো তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পিছতে ছবিখনৰ দৃশ্যগ্ৰহণো বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই তেলেগু ছবিখন আগন্তুক বৰ্ষৰ ৮ মাৰ্চত ছবিগৃহলৈ আহিব।

Also Read: মুক্তিৰ পূৰ্বেই ‘ব্লকবাষ্টাৰ’ শ্বাহৰুখ খানৰ ‘জৱান’