ডিজিটেল ডেস্কঃ ২০১৮ত নৱবৰ্ষৰ উপহাৰ হিচাপে ছবিগৃহত মুক্তি পোৱা ছবি 'কেজিএফ'য়ে ভাৰতীয় দৰ্শকক বাৰুকৈয়ে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল। এই ছবিখন দুটা ভাগত নিৰ্মাণ কৰা হৈছে আৰু তাৰেই প্ৰথম ভাগ অৰ্থাৎ 'কেজিএফ চেপ্টাৰ-১' ২০১৮ত মুক্তি লাভ কৰিছিল।
এই ছবিখন ভালপোৱা দৰ্শকসকলৰ বাবে আহিছে এক ভাল খবৰ। কিয়নো শেহতীয়াকৈ মুক্তি দিয়া হৈছে এই কেজিএফ চেপ্টাৰ-২ৰ এখন পোষ্টাৰ। এই পোষ্টাৰখন মুক্তি পোৱাৰ পাছতেই পোহৰলৈ আহিছে এক ভাল খবৰ। এই ছবিখনত দৰ্শকে দেখিবলৈ পাব বলিউডৰ দিগ্বজ অভিনেতা সঞ্জয় দত্তই। আপুনিও হয়তো এতিয়া আচৰিত হৈছে। কিন্তু এয়া সত্য।
BIG ANNOUNCEMENT… Sanjay Dutt as #Adheera in #KGFChapter2… #SanjayDuttAsAdheera pic.twitter.com/VJ1lKifmla
— taran adarsh (@taran_adarsh) July 29, 2019
ছবিখনৰ সমীক্ষক তৰণ আদৰ্শই টুইটাৰযোগেএই কথা জনায়। তেওঁ টুইটাৰত লিখে- 'কেজিএফ-২ত সঞ্জয় দত্তই এন্ট্ৰী কৰিলে। আৰু এইছবিখনত তেওঁ 'অধীৰা' নামৰ এটা চৰিত্ৰত অভিনয় কৰিছে। তেওঁ এই ছবিখনত খলনায়কৰ অভিনয়কৰিছে।' অৱশ্যে এই ছবিখন কেতিয়া মুক্তি পাব সেই সন্দৰ্ভত জানিব পৰা হোৱানাই।