ছলমানৰ ‘ভাৰত’ ছুপাৰ হিট, ৫ দিনত ১৪৪ কোটি…

ছলমানৰ ‘ভাৰত’ ছুপাৰ হিট, ৫ দিনত ১৪৪ কোটি…

author-image
asomiyapratidin
New Update
ছলমানৰ ‘ভাৰত’ ছুপাৰ হিট, ৫ দিনত ১৪৪ কোটি…

ডিজিটেল ডেস্কঃ ছবিঘৰত সগৌৰৱেৰে চলিছে ছলমান খানৰ অভিনীত ছবি 'ভাৰত'। দেশৰ বিভিন্ন প্ৰান্তৰ ছবিঘৰতো মুক্তিৰ৫ দিনৰ পিছতো দেখা গৈছে দৰ্শক দীঘলীয়া শাৰী। ঈদত মুক্তি দিয়া ছবিখনে বৰ্তমানৰ লৈকে উপাৰ্জন কৰিছে মুঠ ১৪৪ কোটি টকা।

ছবিখনে মুক্তিৰ দিনাই উপাৰ্জন কৰিছিল ৪২.৩০ কোটি টকা, দ্বিতীয় দিনা ৩১ কোটি, তৃতীয় দিনা ২২ কোটি, চতুৰ্থ দিনা ২৬ কোটি আৰু পঞ্চম দিনা অথাৎ দেওবাৰে ২৫-২৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ছবিখনলৈ দৰ্শকৰ সহাঁৰিলৈ চাই সোমবাৰে ১৫০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব ভাৰতে। আলী আব্বাছ জফৰে পৰিচালনা কৰা ছবিখনত প্ৰথমবাৰলৈ ছলমানৰ সৈতে কাম কৰিছে দিশা পাটানীয়ে।