ঈদত একশ্যন দেখুৱাবলৈ সাজু বলীউডৰ ‘ভাইজান’

দীৰ্ঘদিনৰ পিছত একশ্যনধৰ্মী ছবিত দৰ্শকে দেখিবলৈ পাব বলীউডৰ 'ভাইজান' ছলমান খানক। অভিনেতাজনৰ অন্যতম সফল ছবি 'কিক'ৰ ১০ বছৰৰ পাছত পুনৰ প্ৰযোজক ছাজিদ নাদিয়াদৱালাৰ ছবিত অভিনয় কৰিবলৈ সাজু হৈছে ছলমান।ছবিখন পৰিচালনা কৰিব এ আৰ মুৰুগাডোছয়ে।

author-image
Asomiya Pratidin
New Update
ঈদত একশ্যন দেখুৱাবলৈ সাজু বলীউডৰ ‘ভাইজান’

ডিজিটেল ডেস্ক: দীৰ্ঘদিনৰ পিছত একশ্যনধৰ্মী ছবিত দৰ্শকে দেখিবলৈ পাব বলীউডৰ 'ভাইজান' ছলমান খানক। অভিনেতাজনৰ অন্যতম সফল ছবি 'কিক'ৰ ১০ বছৰৰ পাছত পুনৰ প্ৰযোজক ছাজিদ নাদিয়াদৱালাৰ ছবিত অভিনয় কৰিবলৈ সাজু হৈছে ছলমান।ছবিখন পৰিচালনা কৰিব এ আৰ মুৰুগাডোছয়ে।দেশ তথা বিদেশতো অভূতপূৰ্ব সফলতা লাভ কৰা ছবি 'গজিনী' পৰিচালনা কৰিছিল এ আৰ মুৰুগাডোছে।

Advertisment

প্ৰকৃততে, ছাজিদ আৰু মুৰুগাডোছে এই ছবিখনৰ নিৰ্মাণৰ বিষয়ে আলোচনা কৰোতে ছলমানেই দুয়োৰে প্ৰথম পছন্দ আছিল।আনহাতে, ছলমানক এই বিষয়ে সোধাত তেওঁ একেবাৰতে ছবিখনত অভিনয়ৰ বাবে সন্মতি দিয়ে।বৰ্তমানলৈ নাম ঠিক নোহোৱা এই একশ্যন থ্ৰীলাৰখন পৰ্তুগাল আৰু অন্যান্য ইউৰোপীয় দেশৰ উপৰিও ভাৰতৰ কিছু ঠাইত দৃশ্যগ্ৰহণ কৰা হ'ব।

ছবিখনৰ বাজেট প্ৰায় ৪০০ কোটি। মে-জুনত ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হব আৰু আগন্তুক বৰ্ষৰ ঈদত মুক্তি লাভ কৰিব। উল্লেখ্য যে,  ছলমান খানত শেহতীয়াকৈ ‘টাইগাত-৩’ত দেখা গৈছিল।’ খুবেই জনপ্ৰিয় ছবি ‘টাইগাৰ’ৰ ছিকুৱেল ‘টাইগাৰ ৩’য়েও দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।  

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত