বিশ্বকাপৰ মাজতো ‘ভাৰত’ৰ চমক…

বিশ্বকাপৰ মাজতো ‘ভাৰত’ৰ চমক…

author-image
asomiyapratidin
New Update
ছলমানৰ ভাৰত ছুপাৰ হিট, ১৫ দিনত ২৯০ কোটি…

ডিজিটেল ডেস্কঃ ঈদৰ বতৰত ছবিঘৰত ছলমানৰ ছবি মানেই এখন হিট ছবি। এইবাৰো নহ'ল ব্যক্তিক্ৰম, চলমানৰ ছবি ভাৰত ছবিঘৰত চুপাৰ-ডুপাৰ হিট। চাৰিওফালে বিশ্বকাপৰ জ্বৰ উঠি থকা স্বত্তেও ছবিঘৰত দৰ্শকৰ দীঘলীয়া শাৰীয়ে প্ৰমাণ কৰিলে যে ছলমানে ছবি লৈ কৰা সমীক্ষা কেতিয়াও ভুল হব নোৱাৰে।

বুধবাৰে মুক্তি পোৱা ছলমানৰ ছবি ভাৰতে উপাৰ্জনৰ ক্ষেত্ৰত গঢ়িলে অভিলেখ। বক্স অফিচত ছবিখনে কেৱল ভাৰতেই উপাৰ্জন কৰিলে ৪৩ ৰ পৰা ৪৫ কোটি টকা। মুক্তিৰ দিনাই সৰ্বাধিক উপাৰ্জন কৰা ছবিৰ তালিকাত ভাৰতে দখল কৰিলে দ্বিতীয় স্থান। প্ৰথম স্থানত আছে আমিৰ খান অভিনীত ছবি 'থোগছ অৱ হিন্দুস্তান'।

ছবি সমালোচক সকলৰ মতে এই ছবিখনে উত্তৰ প্ৰদেশ, গুজৰাটৰ দৰে ৰাজ্যত দৰ্শকৰ অধিক সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে।দেশৰ উপৰিও ছলমানৰ এই ছবিখন ৭০ খন দেশৰ ১৩০০ খন পৰ্দাত মুক্তি দিয়া হৈছিল। আলী আব্বাছ জফৰে পৰিচালনা কৰা এই ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিছে কেটৰীণা আৰু দিশা পাটানীয়ে।