/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/426562-salman-cy.jpg)
ডিজিটেল ডেস্কঃ যোৱা কিছু দিন ধৰি মায়ানগৰী মুম্বাইত ধাৰাসাৰ বৰষুণে অস্বস্তিত পেলাইছে মুম্বাইবাসীক। বৰষুণৰ বাবে কোনো ক'তো ওলাই যাব নোৱাৰা অৱস্থা। ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টা ধৰি শেষ নোহোৱা যান জঁটে ব্যাহত কৰিছে স্বাভাৱিক জনজীৱন। এনে পৰিস্থিতিত বিলাসী বাহন এৰি চাইকেলত উঠিয়েই শ্বুটিং স্থলী পালেগৈ অভিনেতা চলমান খান।
উল্লেখ্য যে, চলমান খানৰ আহিবলগা ছবি 'ডাবাং-৩'ৰ দৃশ্যগ্ৰহণৰ কাম ৰাজস্থানত শেষ হোৱাৰ পিছত এতিয়া আৰম্ভ হৈছে মুম্বাইত। কিন্তু মুম্বাইৰ বৰষুণ আৰু ট্ৰাফিক জামৰ বাবে ক'লা ৰঙৰ টি-চাৰ্ট আৰু চৰ্ট পিন্ধি চাইকেলেৰেই শ্বুটিং স্থলীলৈ ৰাওনা হ'ল চলমান খান। ৰাজপথৰে যাওতে তেওঁ অনুৰাগীৰ সৈতে চেলফীও উঠে। অভিনেতাগৰাকীয়ে নিজেই তেওঁৰ এই চাইকেল চলোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত তেওঁ লিখিছে- 'বৰষুণৰ বতৰত মুম্বাই নগৰী… ডাবাং-৩ৰ লোকেশ্যনলৈ শ্বুটিঙৰ বাবে যোৱাৰ সময়ত…'।
Mumbai city in d rains . . Off to the location to shoot for #dabangg3pic.twitter.com/sVY9Sa3Zdq
— Salman Khan (@BeingSalmanKhan) September 6, 2019
উল্লেখ্য যে, বৃহস্পতিবাৰে আইফা এৱাৰ্ডছৰ সংবাদ মেলৰ সময়ত চলমান খানে ৰাজস্থানত শ্বুটিং চলি থকা সময়ৰ কথা ব্যক্ত কৰিছিল। য'ত তেওঁ বৰষুণৰ ফলত সৃষ্টি হোৱা ট্ৰাফিক জামৰ বাবে শ্বুটিংস্থলীত উপস্থিত হ'বলৈ কমেও ৬ ঘণ্টা লাগিছিল বুলি মন্তব্য কৰিছিল। তেনে পৰিপ্ৰেক্ষিততেই পুনৰ যাতে শ্বুটিঙত পলম নহয়, তাৰ বাবে চাইকেল চলায় তেওঁ গন্তব্যস্থলীত উপনীত হয়।