নৱ প্ৰজন্মৰ অভিনেতাক চেৰ পেলাবলৈ শ্বাহৰুখ,আমিৰ, অক্ষয়, অজয় আৰু মইয়ে যথেষ্ট-চলমান

ভাইজান খ্যাত অভিনেতাগৰাকীয়ে বুধবাৰে নিশা সংবাদমেলত সাংবাদিকে যুৱ প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ এক উত্তৰত কয়, অভিনয় জগতত কাম কৰি থকা নৱপ্ৰজন্মৰ সকলোৱে কঠোৰ পৰিশ্ৰমী

author-image
Asomiya Pratidin
New Update
নৱ প্ৰজন্মৰ অভিনেতাক চেৰ পেলাবলৈ শ্বাহৰুখ,আমিৰ, অক্ষয়, অজয় আৰু মইয়ে 
যথেষ্ট-চলমান

চলমান খান

ডিজিটেল ডেস্কঃ ফিল্মফেয়াৰ বঁটা প্ৰদানৰ সংবাদমেলত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমেৰে বাৰ্তালাপ বলিউডৰ জনপ্ৰিয় অভিনেতা চলমান খানৰ । ভাইজান খ্যাত অভিনেতাগৰাকীয়ে বুধবাৰে নিশা সংবাদমেলত সাংবাদিকে যুৱ প্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ এক উত্তৰত কয়, অভিনয় জগতত কাম কৰি থকা নৱপ্ৰজন্মৰ সকলোৱে কঠোৰ পৰিশ্ৰমী ।

Advertisment

ইয়াৰ বিপৰীতে অভিনেতাগৰাকীয়ে কয় যে নতুন প্ৰজন্মই বহু কষ্ট কৰিলেও বৰ্তমানে বলিউডতত দপদপাই থকা পাঁচজন অভিনেতাই তেওঁলোকক ক্লান্ত কৰি তুলিব । এই পাঁচজনৰ নামো নিজেই সংবাদমেলত জনালে অভিনেতাগৰাকীয়ে । ৫৭ বছৰীয়া অভিনেতাগৰাকীয়ে নতুন অভিনেতা-অভিনেত্ৰীক উদ্দেশ্যি কয় আমাৰ প্ৰজন্মৰ শ্বাহৰুখ, আমিৰ, মই, আক্কি (অক্ষয় কুমাৰ) আৰু অজয় (দেৱগন)এই কেইজনেই যথেষ্ট ।

বৰ্তমানৰ অভিনেতাসকলক কয় যে আমাৰ ছবি অধিক চলে । আৰু সেইবাবেই আমি অভিনয়ৰ বাবে ছবিসমূহত ধন অধিক লওঁ । এতিয়া আমাৰ ছবিসমূহে আমাক অধিক ধন দিয়া দেখি নিজৰ ছবিৰ দাম বৃদ্ধি কৰিবলৈ প্ৰতিযোগীতাত নামিছে নৱ প্ৰজন্ম । যাতে তেওঁলোকও অভিনয় কৰা ছবিত অধিক ধন লাভ কৰিব পাৰে ।

Also Read: ভাৰতৰ কাষত আমেৰিকাঃ বেইজিঙক সকিয়নী দি হোৱাইট হাউচৰ বিবৃতি...

#salmankhan