চলমানৰ আজৱ কথাঃ বিয়া নকৰোৱাকৈ লাগে সন্তান…

চলমানৰ আজৱ কথাঃ বিয়া নকৰোৱাকৈ লাগে সন্তান…

author-image
asomiyapratidin
New Update
চলমানৰ আজৱ কথাঃ বিয়া নকৰোৱাকৈ লাগে সন্তান…

ডিজিটেল ডেস্কঃ বলিউদৰ ভাইজান চলমানৰ বিয়া! একপ্ৰকাৰে এইটো এটা ডাঙৰ খবৰেই। ৪০ দেওনা পাৰ হোৱা চলমানৰ বিয়াক লৈ কোটি কোটি অনুৰাগীৰ উৎকন্ঠাৰ অন্ত নাই। কিন্তু ইয়াৰ মাজতে চলমানে ক'লে তেও বিয়া নকৰোৱাৰ কাৰণ।

বুধবাৰে চলমানৰ মুক্তি পাবলগীয়া ছবি 'ভাৰত'ক লৈ মঙলবাৰে এখন আলোচনীত তেও দিছিল সাক্ষাৎকাৰ। চলমানক প্ৰশ্ন কৰা হ'ল- আপুনি এতিয়ালৈকে বিয়া নকৰোৱাৰ কাৰণ কি? উত্তৰত চলমানে ক'লে- বিয়া পৰম্পৰাৰ প্ৰতি মোৰ বিশ্বাস লাহে লাহে নোহোৱা হৈছে। বিয়াৰ সলনি মই বন্ধুৰ লগতে বেছি সুখী অনুভৱ কৰো।' চলমানে লগতে কয়- বিয়াৰ কথা নাভাবিলেও মই সন্তানৰ কথা ভাৱিছো, মোক সন্তান লাগে। সন্তানক চোৱা চিতা কৰিবলৈ মোৰ এখন গাঁও সাজু হৈ আছে।'

উল্লেখ্য যে, বুধবাৰে ৭০ খন দেশৰ ১৩০০ খন স্কীণত মুক্তি পাব বহু প্ৰতিক্ষিত ছবি ভাৰত। চলমানৰ বিপৰীতে ছবিখনত অভিনয় কৰিছে কেটৰীণা আৰু দিশা পাটানী।