সাজু হওকঃ অচিৰেই চলমান-জাৰীণ খানৰ বিয়া!…

সাজু হওকঃ অচিৰেই চলমান-জাৰীণ খানৰ বিয়া!…

author-image
asomiyapratidin
New Update
সাজু হওকঃ অচিৰেই চলমান-জাৰীণ খানৰ বিয়া!…

ডিজিটেল ডেস্কঃ চলমান খানেই তেওঁক প্ৰৱেশ কৰোৱাইছিল বলিউদত। সেই সময়ত খুবেই চৰ্চা হৈছিল যে তেওঁ হৈছে চলমানৰ প্ৰেমিকা, কিয়নো তেওৰ চেহেৰাৰ সৈতে মিল আছিল কেটৰীণা কেঈফৰ। হিন্দী ছবি বীৰৰ জৰিয়তে বলিউদত আত্মপ্ৰকাশ কৰা এই গৰাকী অভিনেত্ৰী জাৰীণ খান পুনৰ এবাৰ চৰ্চালৈ আহিছে।

ছচিয়েল মিডিয়াৰ লগতে একাংশ সংবাদ মাধ্যমত বিগত কেইটামান দিন ধৰি চৰ্চা চলিছে যে, চলমান খানৰ সৈতে বিয়াত বহিব জাৰীণ খান। এই কথা নিজমুখে স্বীকাৰ কৰিছে অভিনেত্ৰী জাৰীণ খানে। এটা সাক্ষাৎকাৰত জাৰীণে কয় যে চলমানৰ সৈতে মই অচিৰেই বিয়াত বহিম। কিয়নো তেওক মই পচন্দ কৰো। উল্লেখ্য যে, ধেমালিৰ চলেৰে অভিনেত্ৰীগৰাকীয়ে কোৱা এই কথাষাৰেই পিছত ভাইৰেল হৈ পৰে সকলোতে।

দৰাচলতে সাক্ষাৎকাৰত এটা প্ৰশ্ন শিতান আছিল যে-ভৱিষতে আপুনি কাক বিয়া কৰোৱাৰ সপোন আছে! সেই প্ৰশ্নৰ উত্তৰত তেও উত্তৰ দিয়ে যে-মই চলমানকে বিয়া কৰাব খোজো।