অনুৰাগীক ঈদৰ উপহাৰ দি অক্ষয়-টাইগাৰ, অজয়ৰ ছবি উপভোগ কৰিবলৈ জনালে আহ্বান

ঈদ মানেই যেন ছবিগৃহত ছলমান খানৰ ছবি ! প্ৰতিবছৰে ঈদত ছলমান খানৰ ছবি মুক্তি পোৱাতো পৰম্পৰাৰ দৰেই চলি আহিছে।কিন্তু এই বছৰ ইয়াৰ ব্যতিক্ৰম হ'ল। ঈদত দৰ্শকক মনোৰঞ্জন কৰিবলৈ বিগস্ক্ৰীণলৈ নাহিল 'বলীউডৰ ভাইজান'।

author-image
Asomiya Pratidin
New Update
অনুৰাগীক ঈদৰ উপহাৰ দি অক্ষয়-টাইগাৰ, অজয়ৰ ছবি উপভোগ কৰিবলৈ জনালে আহ্বান

ডিজিটেল ডেস্ক: ঈদ মানেই যেন ছবিগৃহত ছলমান খানৰ ছবি ! প্ৰতিবছৰে ঈদত ছলমান খানৰ ছবি মুক্তি পোৱাতো পৰম্পৰাৰ দৰেই চলি আহিছে।কিন্তু এই বছৰ ইয়াৰ ব্যতিক্ৰম হ'ল। ঈদত দৰ্শকক মনোৰঞ্জন কৰিবলৈ বিগস্ক্ৰীণলৈ নাহিল 'বলীউডৰ ভাইজান'।ইয়াৰ পাছতে ছ'চিয়েল মেডিয়াত 'ভাইজান'ৰ ছবিৰ বাবে অপেক্ষাৰত অনুৰাগীৰ প'ষ্টৰ উজান উঠিল।কিন্তু অনুৰাগীৰক নিৰাশ নকৰি ছলমানে দিলে এক সুখবৰ।

Advertisment

হয়, বলীউডৰ ছুপাৰষ্টাৰজনে তেওঁৰ আগন্তুক ছবিখনৰ নাম আৰু ছবিখনত ২০২৫ৰ ঈদত মুক্তি পোৱাৰ খবৰ দিলে অনুৰাগীক। তেওঁ ছ'চিয়েল মেডিয়াত প'ষ্ট কৰি এই বিষয়ে ৰাজহুৱা কৰে।যি হয়তো অনুৰাগীৰ বাবে ঈদৰ উপহাৰতকৈ কোনো গুণে কম নহয়।

এই ছবিখনৰ নাম 'ছিকন্দৰ'। এ আৰ মুৰুগাডছৰ দ্বাৰা পৰিচালিত এই ছবিখনত ছলমানে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ প্ৰযোজনা ছাজিদ নাদিয়াদৱালাৰ। আনহাতে, ছ'চিয়েল মেডিয়াৰ এই প'ষ্টটোত ছলমান সকলোকে ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে সদ্যমুক্তিপ্ৰাপ্ত অক্ষয় কুমাৰ-টাইগাৰ শ্ৰফ অভিনীত 'বড়ে মিয়াঁ চোটে মিয়াঁ' আৰু অজয় দেৱগনৰ 'ময়দান' ছবি দুখন ছবিগৃহত উপভোগ কৰিবলৈ অনুৰাগীক আহ্বান জনাইছে।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত