অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত কি ক’লে ছলমান খানৰ পিতৃয়ে…

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত কি ক’লে ছলমান খানৰ পিতৃয়ে…

author-image
asomiyapratidin
New Update
অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত কি ক’লে ছলমান খানৰ পিতৃয়ে…

ডিজিটেল ডেস্কঃ শনিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰে। ৰায়দান প্ৰদানৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ছলমান খানৰ পিতৃ ছলিম খানে। তেওঁ কয় যে, মুছলমানক দিয়া ৫ একৰ ভূমিত বিদ্যালয় নিৰ্মাণ কৰিব লাগে। লগতে তেওঁ কয়- ভাৰতৰ মুছলমানসকলক মছজিদৰ নহয়, বিদ্যালয়ৰহে প্ৰয়োজন।

Advertisment

সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন জনাই ছলিম খানে কয়- এতিয়াঅযোধ্যাৰ গোচৰ সমাপ্ত হ'ল। গতিকে সকলোৱে শান্তি আৰু একতাৰে জীৱন যাপন কৰিব লাগে।ইফালে, অভিনেতা ছলমান খানে এই সন্দৰ্ভত কয় যে- 'মই সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানকসমৰ্থন জনাইছো। মুছলমান সম্প্ৰদায়ৰ লোকসকলে এতিয়া আৰু এই বিষয়টো চৰ্চা কৰিবনালাগে। আৰু এই ৫ একৰ ভূমিত মহাবিদ্যালয়ৰ নিৰ্মাণ কৰিলে বেছি ভাল হ'ব।'