তিনি তাৰকাৰ এখন বিশেষ ফটোয়ে কঁপাইছে ছ’চিয়েল মেডিয়া

ফুটবল খেল অথবা বলীউডৰ ছবি নহয়, একেলগে বহি বস্কিং খেল উপভোগ কৰিলে ফুটবল আৰু বলীউডৰ তাৰকা ক্ৰমে ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আৰু ছলমান খানে। ছৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত এই বস্কিং খেলখন ৰ'নাল্ড আৰু ছলমানৰ মাজত বহি উপভোগ কৰিলে তাৰকা ফুটবলাৰগৰাকীৰ পত্নী জৰ্জিনাই।

author-image
Asomiya Pratidin
New Update
তিনি তাৰকাৰ এখন বিশেষ ফটোয়ে কঁপাইছে ছ’চিয়েল মেডিয়া

ডিজিটেল ডেস্ক: ফুটবল খেল অথবা বলীউডৰ ছবি নহয়, একেলগে বহি বস্কিং খেল উপভোগ কৰিলে ফুটবল আৰু বলীউডৰ তাৰকা ক্ৰমে ক্ৰিষ্টিয়ানো ৰ'নাল্ডো আৰু ছলমান খানে। ছৌদি আৰৱৰ ৰিয়াদত অনুষ্ঠিত এই বস্কিং খেলখন ৰ'নাল্ড আৰু ছলমানৰ মাজত বহি উপভোগ কৰিলে তাৰকা ফুটবলাৰগৰাকীৰ পত্নী জৰ্জিনাই।এই খেলখন টাইচন ফিউৰী আৰু ফ্ৰান্সিছ নগানৌৰ মাজত অনুষ্ঠিত হৈছিল।

Advertisment

হয়, এই তিনি তাৰকাই একেলগে বহি খেলখন উপভোগ কৰাৰ ভিডিঅ এতিয়া ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত ছলমান খানক ভিভিআইপি আসনত খেলখন চাই থকা দেখা গৈছে। তেওঁৰ কাষতে অতি আকৰ্ষণীয় পোছাক পিন্ধি বহি আছিল জৰ্জিনা।জৰ্জিনাৰ কাষতে বহি খেলখনত সম্পূৰ্ণৰূপে মগ্ন হৈ আছিল ক্ৰিষ্টিয়ানো ৰ'নাল্ডো। 

এই ভিডিঅ'টো ভাইৰেল হৈ পৰাৰ পিছতে অগনন অনুৰাগীয়ে ছ'চিয়েল মেডিয়াতে তেওঁলোকৰ স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজন অনুৰাগীয়ে লেখিছে- 'সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ আৰু সৰ্বশ্ৰেষ্ঠ অভিনেতা।' আন এজনে লেখিছে- 'জলৱা হে ভাইজান কা।' ইফালে, অধিকাংশই এই ফটোখনৰ সৈতে একোৰেই তুলনা নহয় বুলি মন্তব্য কৰিছে।

এই হাইপ্ৰফাইল খেলখন উপভোগ কৰি ইতিমধ্যে মুম্বাইলৈ উভতি আহিছে ছলমান খান। তেওঁক শেহতীয়াকৈ মুম্বাইৰ কালিনাৰ ব্যক্তিগত বিমানবন্দৰত দেখা পোৱা গৈছে।উল্লেখ্য যে, 'ভাইজান' ছলমান বৰ্তমান 'বিগ বছ-১৭' হ'ষ্ট কৰাত ব্যস্ত হৈ আছে। ছলমানৰ বহু প্ৰত্যাশিত 'টাইগাৰ ৩'ও মুক্তিৰ বাবে সাজু হৈ উঠিছে। মনীশ শৰ্মাৰ দ্বাৰা পৰিচালিত 'টাইগাৰ ৩'ত ছলমানৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে কেটৰিনা কাইফে। ইফালে, এই ছবিখনত দীৰ্ঘদিনৰ পিছত দৰ্শকে নতুন ৰূপত দেখিবলৈ পাব বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা ইমৰাণ হাছমীক।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত