/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/salman-khan-their-thanked-love-fans-support_98834c80-3bec-11e8-80b2-0257d29a997a.jpg)
ডিজিটেল ডেস্ক: মুম্বাইৰ এগৰাকী স্থানীয় সংবাদিকৰ দ্বাৰা ৰুজু হোৱা গোচৰৰ ভিত্তিত বোম্বে আদালতৰ পৰা চমন জাৰি কৰা হৈছিল অভিনেতা ছলমান খানলৈ। এই গোচৰৰ ওপৰত ভিত্তি কৰিয়েই ছলমান খানে এই গোচৰ খাৰিজ কৰাৰ বাবে কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।
অভিনেতা গৰাকীয়ে সাংবাদিক অশোক পাণ্ডেক কৰা বেয়া ব্যৱহাৰ আৰু ভাবুকি দিয়া গোচৰৰ খাৰিজ কৰিবলৈ আহ্বান জনায়। চলমান খানে চিআৰপিচি ৪২৮ ৰ অধীনত ন্যায়ালয়ত এই আৱেদন দাখিল কৰিছে।
উল্লেখ্য যে, এক গোচৰৰ ভিত্তিত ন্যায়ালয়ে ২০১৯ চনত অভিনেতা চলমান খান আৰু তেওঁৰ দেহাৰক্ষী নৱাজ শ্বেখলৈ চমন জাৰি কৰিছিল। গোচৰ ৰুজু কৰা সাংবাদিক গৰাকীয়ে অভিযোগ কৰা অনুসৰি মুম্বাইৰ ৰাজপথত চাইকেল চলাই থকাৰ সময়ত খানে তেওঁৰ ফোনটো কাঢ়ি লয় আৰু তেওঁক ভাবুকি প্ৰদান কৰে।