/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/502016-salman-virat.jpg)
ডিজিটেল ডেস্কঃ এনেকুৱা বহুলোক আছে যিয়ে উচ্চশিক্ষা নোলোৱাকৈয়ে সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে। উদ্যোগপতি, অভিনেতা, খেলুৱৈকে ধৰি ভিন্ন ক্ষেত্ৰৰ বহুলোক উচ্চ শিক্ষা অবিহনেই সফলতাৰ বাটত আগবাঢ়িছে। বলিউদৰ ভাইজান চলমান খান আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ শিক্ষাগত অৰ্হতা কিমান সেই সন্দৰ্ভত হয়তো বহুলোকেই নাজানে। ক্ৰীড়া আৰু বিনোদন জগতৰ এই দুই মহাৰথী কেৱল দ্বাদশ শ্ৰেণীলৈকেহে পঢ়া।
বলিউদৰ অভিনেতা চলমান খান গোৱালিয়ৰ সিন্ধিয়া স্কুল আৰু মুম্বাইৰ চেন্ট স্তিন্সলা স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে চলমানে মুম্বাই নেচনেল কলেজত নামভৰ্ত্তি কৰিছিল যদিও অভিনয় জগতত ব্যস্ততাৰ বাবে দ্বাদশ শ্ৰেণীতে আনুষ্ঠানিক শিক্ষা সাং কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2019/03/22/750x506/salman-khan_1553231458.jpeg)
ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰৰো আনুষ্ঠানিক শিক্ষা দ্বাদশ শ্ৰেণীৰ লৈকেহে গ্ৰহণ কৰিছিল। ১৯৯৮ চনত বিৰাট কোহলীয়ে ৱেষ্ট দিল্লী ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাৰে পৰা অন্য শিক্ষা বাদ দিছিল। যদিও দ্বাদশ শ্ৰেণীৰ পৰা তেও শিক্ষা গ্ৰহণ কৰা নাছিল বিদ্যালয়ৰ শিক্ষকসকলে এতিয়াও বিৰাটক লৈ গৌৰৱবোধ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/assets/images/2019/04/07/750x506/virat-kohli-sad-rcb_1554627542.jpeg)
ঠিক তেনেদৰে বলিউদৰ আলিয়া ভট্ট, দীপিকা পাডুকন, কংগণা ৰাণাৱটৰ দৰে অভিনেত্ৰী সকল দ্বাদশ শ্ৰেণীৰ লৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us