ভাইৰেল ফটো-ভিডিঅ’ত স্পষ্ট হ’ল সকলো, অনুৰাগীৰ প্ৰতিক্ৰিয়া

গোপনে জন্মদিন পালন কৰি চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে। অন্যনাই শেহতীয়াকৈ তেওঁৰ ২৫ সংখ্যক জন্মদিন উদযাপন কৰিলে মালদ্বীপত।কিন্তু কাৰ সৈতে জানেনে ? প্ৰেমিক আদিত্য ৰয় কাপুৰৰ সৈতে।হয়, প্ৰেমিক আদিত্যৰ সৈতে গোপনে জন্মদিন পালন কৰাৰ বাবেই সম্প্ৰতি চৰ্চাত আছে অনন্যাৰ নাম।

author-image
Asomiya Pratidin
New Update
ভাইৰেল ফটো-ভিডিঅ’ত স্পষ্ট হ’ল সকলো, অনুৰাগীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্ক: গোপনে জন্মদিন পালন কৰি চৰ্চালৈ আহিছে বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে। অন্যনাই শেহতীয়াকৈ তেওঁৰ ২৫ সংখ্যক জন্মদিন উদযাপন কৰিলে মালদ্বীপত।কিন্তু কাৰ সৈতে জানেনে ? প্ৰেমিক আদিত্য ৰয় কাপুৰৰ সৈতে।হয়, প্ৰেমিক আদিত্যৰ সৈতে গোপনে জন্মদিন পালন কৰাৰ বাবেই সম্প্ৰতি চৰ্চাত আছে অনন্যাৰ নাম।

Advertisment

আদিত্য-অনন্যাই মালদ্বীপত অকলশৰে তেওঁলোকৰ ব্যক্তিগত সময় উপভোগ কৰি আছে।এই বিষয়ে দুয়োয়ে মুকলিকৈ জনোৱা নাই যদিও অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মেডিয়াত প’ষ্ট কৰা ফটো-ভিডিঅ’ৰ পৰা এই সমগ্ৰ বিষয়টো পোহৰলৈ আহিছে।

অনন্যাই তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ হোটেলৰ কোঠাৰ পৰা সাগৰৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। শিৰোনামটোত লেখা আছে, 'জন্মদিনৰ সৰ্বশ্ৰেষ্ঠ ৰাতিপুৱা'। এখন ফটোত অভিনেত্ৰীগৰাকীয়ে পেন কেক আৰু ষ্ট্ৰবেৰীৰ এখন ফটো শ্বেয়াৰ কৰিছে, য'ত 'শুভ জন্মদিন' লেখা আছে। অভিনেত্ৰীগৰাকীয়ে আদিত্য ৰয় কাপুৰৰ সৈতে একেলগে কোনো ফটো শ্বেয়াৰ কৰা নাই যদিও এই ফটো-ভিডিঅ’ চাই অনুৰাগীসকলে তেওঁলোক একেলগে আছে বুলি অনুমান কৰিছে।কিয়নো আদিত্য আৰু অনন্যাক কেইদিনমান পূৰ্বে মুম্বাইৰ বিমানবন্দৰত একেলগে দেখা পোৱা গৈছিল।

সময়ে সময়ে আদিত্য-অনন্যাৰ প্ৰেমৰ চৰ্চা চলে যদিও বৰ্তমানলৈকে তেওঁলোকে  তেওঁলোকৰ এই সম্পৰ্কৰ কথা স্পষ্ট কৰা নাই।উল্লেখ্য যে, আদিত্য ৰয় কাপুৰক অতি শীঘ্ৰে অনুৰাগ বসুৰ ‘মেট্ৰ'ত দৰ্শকে দেখিবলৈ পাব। ইয়াৰ বিপৰীতে, অনন্যাক 'খো গয়ে হম কাহান' ছবিত এক নতুন ৰূপত দেখা যাব।

Also Read: মই বহুত সৰু হৈ আছো, সময় আহিলে বিয়া হ’ম : অনন্যা