/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6c9e716d-f020-4783-8cc3-2aab26cb9b92/AP_FOR_WEB_rohini.jpg)
ডিজিটেল ডেস্ক: টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে সম্প্ৰতি মাতৃত্বৰ সুখ উপভোগ কৰি আছে।ৰুবীনা আৰু অভিনৱ শুক্লা শেহতীয়াকৈ যমজ কন্যাৰ অভিভাৱক হৈছে।পিছে ৰুবীনাৰ ঘৰলৈ পুনৰ আহি আছে নতুন আলহী।হয়, শীঘ্ৰেই মাতৃ হ’ব ৰুবীনাৰ ভগ্নী ৰোহিনী দিলাইক।
ছ’ছিয়েল মেডিয়াৰ জৰিয়তে ৰোহনীয়ে এই সুখবৰ ৰাজহুৱা কৰে। ৰুবীনাৰ ইউটিউবাৰ ভগ্নী জ্যোতিকা দিলাইকৰ বিষয়ে সকলো জ্ঞাত যদিও তেওঁৰ কনিষ্ঠ ভগ্নী ৰোহিনীক কিছু কম পৰিমাণে জানে। প্ৰকৃততে, ৰুবীনাৰ এইগৰাকী ভগ্নীয়ে কানাডাত বাস কৰে।ৰোহিণীও এগৰাকী 'ফুড ব্লগাৰ'।তেওঁ কিছুমান বিশেষ প’ষ্ট ইনষ্টাগ্ৰাম আৰু ইউটিউবত শ্বেয়াৰ কৰি থাকে।
আনহাতে, ৰুবীনা মাতৃ হোৱা খবৰ তেওঁ জীম প্ৰশিক্ষকে প্ৰথমে ছ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰিছিল। কিন্তু পাছত তেওঁ এই প’ষ্টটো এডিট কৰে।এই সন্দৰ্ভত বৰ্তমানেও ৰুবীনা-অভিনৱ অথবা তেওঁলোকৰ পৰিয়ালে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।উল্লেখ্য যে, ৰুবীনাৰ গৰ্ভধাৰণ সম্পৰ্কে কেইবা মাহ ধৰি চলি থকা জল্পনা-কল্পনাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ১৬ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ইনষ্টাগ্ৰামত এটা আকৰ্ষণীয় প’ষ্টৰে এই বিষয়ে নিশ্চিত কৰিছিল।ইপিনে ৰুবীনাই এটা ব্লগৰ জৰিয়তে তেওঁৰ গৰ্ভত যমজ সন্তান থকা বুলি ৰাজহুৱা কৰিছিল।
ইফালে, এই খবৰ ৰুবীনা তথা অভিনৱে আনুষ্ঠানিকভাৱে ঘোষণা নকৰাত অনুৰাগীসকল চিন্তিত হৈ পৰিছে।সকলো অনুৰাগীয়ে দুয়োজনকে শুভকামনা জনোৱাৰ লগতে নৱজাতকৰ সুস্বাস্থ্য কামনা কৰিছে।
Also Read: নতুন পৰিচয় লাভ কৰিলে ৰুবীনা-অভিনৱ শুক্লাই
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us