আগন্তুক বৰ্ষৰ প্ৰথমতেই মাতৃত্বৰ সুখ অৰ্জন কৰিব ৰুবীনা দিলেইকে

ওৰ পৰিল অনুৰাগীৰ জল্পনা-কল্পনা।হয়, আগন্তক বৰ্ষৰ প্ৰথমতেই মাতৃত্বৰ সুখ অৰ্জন কৰিব টেলিভিছনৰ অতি জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে।এই খবৰ নিশ্চিত কৰিছে ছ'চিয়েল মেডিয়াত এটা ভাইৰেল অভিনেত্ৰীগৰাকী এটা বিশেষ ভিডিঅ'ই।

author-image
Asomiya Pratidin
New Update
আগন্তুক বৰ্ষৰ প্ৰথমতেই মাতৃত্বৰ সুখ অৰ্জন কৰিব ৰুবীনা দিলেইকে

ডিজিটেল ডেস্ক: ওৰ পৰিল অনুৰাগীৰ জল্পনা-কল্পনা।হয়, আগন্তক বৰ্ষৰ প্ৰথমতেই মাতৃত্বৰ সুখ অৰ্জন কৰিব টেলিভিছনৰ অতি জনপ্ৰিয় অভিনেত্ৰী ৰুবীনা দিলাইকে।এই খবৰ নিশ্চিত কৰিছে ছ'চিয়েল মেডিয়াত এটা ভাইৰেল অভিনেত্ৰীগৰাকী এটা বিশেষ ভিডিঅ'ই।য'ত তেওঁৰ পেটটো স্পষ্টকৈ দেখা পোৱা গৈছে।ইয়াৰ পিছতেই ৰুবীনা আৰু তেওঁৰ স্বামী অভিনৱ শুক্লাক এতিয়া সকলো অনুৰাগীয়ে ছ'চিয়েল মেডিয়াৰ জৰিয়তেই অভিনন্দন জ্ঞাপন কৰিছে।

Advertisment

প্ৰকৃততে, ৰুবীনাৰ গৰ্ভধাৰণৰ খবৰটো দীৰ্ঘদিনৰ পৰা চৰ্চাৰ শীৰ্ষত আছে। অৱশ্যে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে এই বিষয়ে বৰ্তমানেও মত প্ৰকাশ কৰাৰ পৰা বিৰত আছে।দম্পতীহালৰ এজন ঘনিষ্ঠ বন্ধুয়ে প্ৰকাশ কৰা মতে, অভিনেত্ৰীগৰাকীৰ গৰ্ভধাৰণৰ চাৰি মাহ পাৰ হৈ গৈছে। তেওঁৰ প্ৰসৱ অহা বছৰৰ আৰম্ভণিতে নিৰ্ধাৰণ কৰা হৈছে।তেওঁ লগতে কয় যে, দম্পতীহালে তেওঁলোকৰ ব্যক্তিগত জীৱন ব্যক্তিগত কৰিয়েই ৰাখিব বিচাৰে, সেয়েহে তেওঁলোকে এই খবৰ লাইমলাইটৰ পৰা আঁতৰাই ৰাখিবলৈ বিচাৰিছে।

উল্লেখ্য যে, প্ৰায় এমাহ পূৰ্বে অভিনেত্ৰীগৰাকীক এখন প্ৰসূতি ক্লিনিকৰ বাহিৰত দেখা পোৱাৰ পাছতেই অনুৰাগীসকলে অনুমান কৰিছিল যে তেওঁ গৰ্ভধাৰণ কৰিছে। তদুপৰি, ৰুবীনাই ২৬ আগষ্টত তেওঁৰ জন্মদিনৰ এখন ফটো ছ'চিয়েল মেডিয়াত প'ষ্ট কৰিছিল।সেই ফটোখনতো তেওঁ গৰ্ভধাৰণ কৰা বিষয়টো স্পষ্ট হৈছে।শেহতীয়াকৈ তেওঁৰ আন এটা ভিডিঅ' ছ'চিয়েল মেডিয়াত ভাইৰেল হৈছে। য'ত তেওঁৰ পেটটো স্পষ্টকৈ দেখা পোৱা গৈছে আৰু তেওঁ গৰ্ভৱতী বুলি প্ৰমাণ হৈছে। 'বিগ বছ ১৪'ৰ বিজয়ী ৰুবীনা ২০১৮ চনত অভিনৱ শুক্লাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। বিবাহৰ কিছুদিন পাছত তেওঁলোকৰ বিচ্ছেদ হব বুলি ওলোৱা খবৰেও খুব চৰ্চা লাভ কৰিছিল।

Also Read: ‘ছিংগল’ নহয় টাইগাৰ শ্ৰফ, গোপনে চলাই আছে সম্পৰ্ক