/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/rishi-kapoor-admitted-no-more-update-news.jpg)
ফাইল ফটো
ডিজিটেল ডেস্কঃ এটা যুগৰ অৱসান ঘটিল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে জনপ্ৰিয় অভিনেতা ঋষি কাপুৰে। ৬৭ বছৰ বয়সত মৃত্যুক আকোৱালি ল'লে সৰ্বজন প্ৰিয় শিল্পীগৰাকীয়ে। মুম্বাইৰ ছাৰ এইচএন ৰিলায়েন্স হাস্পতালত বৃহস্পতিবাৰে মৃত্যুৰ সময়ত পত্নী নিতু কাপুৰো তেওঁৰ কাষতে আছিল।
প্ৰথমবাৰৰ বাবে তেওঁৰ মৃত্যুৰ কথা সদৰি কৰিছিল অমিতাভ বচ্চনে। তেওঁ টুইটাৰযোগে লিখিছিল, "Rishi Kapoor… gone… passed away. I am destroyed!" অতি কম সময়ৰ ভিতৰতে এই খবৰ ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে বিভিন্নজনে অতীত সোঁৱৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
কিছু দিনৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। অৱশেষত বুধবাৰে পুৱা ভৰ্তি কৰা হৈছিল হাস্পতালত। ভাতৃ ৰণবিৰ কাপুৰে ঋষি কাপুৰক হাস্পতালত ভৰ্তি কৰাৰ কথা সদৰি কৰিছিল। প্ৰিয় অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ পাই বহুলোকে খবৰ লৈছিল। লকডাউনৰ বাবে তেওঁৰ ওচৰলৈ যাবলৈ কোনো লোকে সক্ষম হোৱা নাছিল। তাৰ মাজতে এই বেয়া খবৰটো আহিল।
প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ হৰভজন সিঙে পুৱাই এটা বেয়া খবৰৰ সৈতে সাৰ পোৱা বুলি টুইটাৰত উল্লেখ কৰিছে।
Woke up with this very sad news @chintskap is no more #RIPRishikapoor ji 🙏 Condolence to the family..
— Harbhajan Turbanator (@harbhajan_singh) April 30, 2020
কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে লিখিছে, তেওঁৰ মৃত্যুৰ খবৰ পাই আচৰিত হৈছো। অক্ষয় কুমাৰেও শোক প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সপ্তাহটো ভাৰতীয় ছবিজগতৰ বাবে বেয়া সপ্তাহ বুলি উল্লেখ কৰিছে। ঋষি কাপুৰ যে কেৱল ছবিজগতৰ ক্ষেত্ৰতে জনপ্ৰিয় আছিল তেনে নহয়, টুইটাৰতো আছিল তেওঁৰ ৩.৫ মিলিয়ন অনুসৰণকাৰী। অৱশ্যে ২ এপ্ৰিলৰ পৰা তেওঁ একোকে পোষ্ট কৰা নাছিল।
It seems like we're in the midst of a nightmare…just heard the depressing news of #RishiKapoor ji passing away, it's heartbreaking. He was a legend, a great co-star and a good friend of the family. My thoughts and prayers with his family 🙏🏻
— Akshay Kumar (@akshaykumar) April 30, 2020
প্ৰথমবাৰৰ বাবে তেওঁৰ দেহত ২০১৮ চনত কেঞ্চাৰ ৰোগ ধৰা পৰিছিল। যাৰ বাবে নিউয়ৰ্কত থাকি তেওঁ প্ৰায় এবছৰ সময় চিকিৎসা গ্ৰহণ কৰি আছিল। ২০১৯ চনৰ ছেপ্তেম্বৰত তেওঁ ভাৰতলৈ ঘূৰি আহিছিল।
ভাৰতলৈ ঘূৰি অহাৰ পিছত তেওঁৰ স্বাস্থ্যৰ ওপৰত চিকিৎসকে নজৰ ৰাখিছিল। ফেব্ৰুৱাৰীত তেওঁক এখন হাস্পতালত পুনৰ ভৰ্তি কৰা হৈছিল। নতুন দিল্লীৰ এখন হাস্পতালত অসুস্থ অভিনেতাগৰাকীক ভৰ্তি কৰা হৈছিল। দিল্লীলৈ ফুৰিবলৈ যোৱাৰ সময়তে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছিল। তেতিয়া অনুৰাগীসকলক স্পষ্টীকৰণ দি তেওঁ কৈছিল এটা ৰোগৰ সংক্ৰমণৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছে।
তাৰ পিছতো তেওঁক কেবাবাৰো হাস্পতালত ভৰ্তি কৰাৰ খবৰ পোৱা গৈছিল। অভিনেতাগৰাকী হাস্পতাললৈ অহাৰ পিছত সোনকালেই সুস্থ হৈ উঠিছিল। অৱশেষত আহিল এই সংবাদ। চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে ঋষি কাপুৰক। কোটি কোটি অনুৰাগীৰ চকুত চকুপানী বিয়পাই তেওঁ চিৰদিনৰ বাবে আঁতৰি গ'ল। ইৰফান খানৰ মৃত্যুৰ এদিন পিছতে আহিল এই খবৰ।