/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/RIYA.jpg)
ডিজিটেল ডেস্কঃ সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই আজি সম্পূৰ্ণ এমাহ পাৰ কৰিলে। যোৱা ১৪জুনত ৱাদ্ৰাৰ ঘৰত চিপ লৈ আত্মহত্যা কৰা সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানো অনুসন্ধান অব্যাহত ৰাখিছে। বৰ্তমানলৈ নামী-দামী প্ৰায় ৩৫গৰাকী লোকক সোধ পোছ কৰা হৈছে। এই সময়খিনিত ছ'চিয়েল মিডিয়াত সবাতোকৈ বেছি সমালোচনাৰ সন্মুখীন হৈছে সুশান্তৰ প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী।
প্ৰায় ১মাহ ধৰি সুশান্তৰ মৃত্যুক লৈ মৌন ব্ৰত পালন কৰা ৰিয়াই কৰা এটা কাম শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৰিয়া নিজৰ হোৱাটছ এপৰ প্ৰফাইল ফটো হিচাপে লগাইছে সুশান্ত আৰু ৰিয়াৰ এখন ফটো। সম্পৰ্কত থকা সময়তে সুশান্তৰ সৈতে ৰিয়াই তোলা এই ফটোখনত দুয়োকে যথেষ্ট সুখী যেন দেখা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/newimg/articleimage/sushant singh riya dp1.jpg)
উল্লেখ্য যে, মৃত্যুৰ কেইটামান দিনৰ আগলৈকে ৰিয়া সুশান্তৰ ৱাদ্ৰাস্থিত ঘৰতে আছিল। কিন্তু সুশান্তে অকলে সময় কটাব বিচাৰিছে বুলি কোৱাৰ পাছতে ৰিয়াই নিজৰ ঘৰলৈ গুচি গৈছিল। আৰক্ষীৰ আগত এনেদৰেই মন্তব্য কৰিছে ৰিয়াই। সুশান্তৰ সৈতে সম্পৰ্ক থকা সময়তে ৰিয়াৰ সম্পৰ্ক পৰিচালক মহেশ ভট্টৰ সৈতেও গঢ়ি উঠিছিল বুলি চৰ্চা হৈছিল।