মিছন চাইনা, কাঞ্চনজংঘাক চেৰাই শীৰ্ষত ৰত্নাকৰ…

মিছন চাইনা, কাঞ্চনজংঘাক চেৰাই শীৰ্ষত ৰত্নাকৰ…

author-image
asomiyapratidin
New Update
মিছন চাইনা, কাঞ্চনজংঘাক চেৰাই শীৰ্ষত ৰত্নাকৰ…

ডিজিটেল ডেস্কঃ ইংৰাজী-হিন্দী ছবিক ছবিঘৰৰ পৰা উফৰাই অসমত প্ৰথমদিনাই অভূৰপূৰ্ব সহাৰি লাভ কৰিলে যতীন বৰাৰ ছবি ৰত্নাকৰে। অসমত ৫৯ টাৰ লগতে মুম্বাই, পুনে, দিল্লী, হায়দৰাবাদ আৰু বেংগালুৰুৰ ১১ টা ছবিঘৰত সগৌৰৱেৰে ছলি আছে ৰত্মাকৰ। ৩ দিনলৈ অসমৰ কোনো ছবিঘৰত নাই টিকট। ইয়াৰ মাজতে ভাল খবৰটো আহিল যে ৰত্নাকৰে প্ৰথম দিনাৰ উপাৰ্জন হৈছে ৪১ লাখ টকা।

Advertisment

ৰত্নাকৰৰ প্ৰথম দিনাৰ উপাৰ্জনে চেৰ পেলালে ২ খন অসমীয়া ছুপাৰ হিট ছবিক। ছবি দুখন হৈছে জুবিন গাৰ্গৰ কাঞ্চনজংঘা আৰু মিছন চাইনা। ৮ ছেপ্টেম্বৰ, ২০১৭ত মুক্তি পোৱা মিছন চাইনাৰ প্ৰথমটো দিনৰ উপাৰ্জন আছিল ৩৯.৯৭ লাখ। আনহাতে মিছন চাইনাৰ এই ৰেকৰ্ড ভংগ কৰিছিল জুবিন গাৰ্গৰে ছবি কাঞ্চনজংঘাই। ২০১৯ৰ ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জুবিনৰ কাঞ্চনজংঘাই উপাৰ্জন কৰিছিল ৪০ লাখ। অৱশেষত জুবিন গাৰ্গৰ এই দুয়োখন ছবিকে চেৰ পেলাই শীৰ্ষস্থানত অধিষ্ঠিত হৈছে যতীন বৰাৰ ৰত্নাকৰ।

উল্লখ্য যে, ৮ ছেপ্টেম্বৰ, ২০১৭ত মুক্তি লাভ কৰিছিল জুবিনৰ ছবি মিছন চাইনাই। ছবিখনে প্ৰথমটো সপ্তাহত উপাৰ্জন কৰিছিল

শুকুৰবাৰঃ ৩৯.৯৭ লাখ।
শনিবাৰেঃ ৩৯.৫ লাখ।
দেওবাৰঃ ৪৯ লাখ।
সোমবাৰঃ ৩১ লাখ।
মঙলবাৰঃ ২৮ লাখ।
বুধবাৰঃ ৩২ লাখ।
বৃহস্পতিবাৰঃ ২৫ লাখ

আনহাতে, ২০১৯ৰ ৬ ছেপ্টেম্বৰত মুক্তি লাভ কৰা জুবিনৰ কাঞ্চনজংঘাই উপাৰ্জন কৰিলে মিছন চাইনাতকৈ অধিক ধন। কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহত উপাৰ্জন কৰিছিল।

শুকুৰবাৰঃ ৪০ লাখ।
শনিবাৰেঃ ৩৮.৫ লাখ।
দেওবাৰঃ ৫৯.১ লাখ।
সোমবাৰঃ ৩৯.৮ লাখ।
মঙলবাৰঃ ৪৪.৫ লাখ।
বুধবাৰঃ ৩৫.৫ লাখ।
বৃহস্পতিবাৰঃ ৩১.৪ লাখ।

২০১৭চনত মুক্তি লাভ কৰা মিছন চাইনাই প্ৰথমটো সপ্তাহত মুঠ ২.৪৪ কোটি টকা উপাৰ্জন কৰিছিল। আৰু ইয়াৰ বিপৰীতে জুবিনৰ নতুন ছবি কাঞ্চনজংঘাই প্ৰথমটো সপ্তাহতে উপাৰ্জন কৰিছিল ২.৯০ কোটি টকা।