ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ…

ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ…

author-image
asomiyapratidin
New Update
ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ…

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পাছতে যতীন বৰাৰ ছবি ৰত্নাকৰলৈও অসমবাসী ৰাইজে জনাইছে ব্যাপক সহাঁৰি। ছবিখন মুক্তি হোৱা ৬ দিনৰ পাছতো ছবিঘৰৰ সন্মুখত আজিও পৰিলক্ষিত হৈছে দৰ্শকৰ দীঘলীয়া শাৰী।

ৰত্নাকৰে মুক্তিৰ প্ৰথম দিনাই অভিলেখ সংখ্যক ৪১ লাখ টকাৰ উপাৰ্জন কৰিছিল। দ্বিতীয় দিনাৰ ছবিখনৰ উপাৰ্জন আছিল ৪৯.৫ লাখ। সফলতাৰ ধাৰাবাহিকতা অটুট ৰাখি তৃতীয় দিনা ৫৫ লাখ, চতুৰ্থ দিনা ৪৩ লাখ, পঞ্চম দিনা ৪৫ লাখ টকাৰ ব্যৱসায় কৰিছিল। ব্যৱসায়িক দিশত সফল ছবিখনৰ ষষ্ঠ দিনাৰ উপাৰ্জন হৈছে ৪২ লাখ। ৬ টা দিনৰ অন্তত ৰত্নাকৰৰ মুঠ উপাৰ্জন হৈছেগৈ ২.৭৬ কোটি।