অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত ৰণবীৰ সিং অভিনীত ‘গলী বয়’…

অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত ৰণবীৰ সিং অভিনীত ‘গলী বয়’…

author-image
asomiyapratidin
New Update
অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত ৰণবীৰ সিং অভিনীত ‘গলী বয়’…

ডিজিটেল ডেস্কঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙে আৰু অভিনেত্ৰী আলিয়া ভটে অভিনয় কৰা ছুপাৰহীট ছবি 'গলী বয়'ৰ নাম অস্কাৰ বঁটাৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা হৈছে। ইণ্ডিয়ান ফিল্ম ফেডেৰেশ্যনে শনিবাৰে ঘোষণা কৰে এই কথা।

২০২০চনৰ ফেব্ৰুৱাৰীত হ'ব লগা অস্কাৰ বঁটা বিতৰণ অনুষ্ঠানত 'গলী বয়' ছবিখন বেষ্ট ইণ্টাৰনেশ্যনেল ফীচৰ কেটেগৰীত মনোনীত কৰা হৈছে। জয়া আখতাৰৰ দ্বাৰা পৰিচালিত এই ছবিখন ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ ছবিগৃহত মুক্তি লাভ কৰিছিল।


— Farhan Akhtar (@FarOutAkhtar) September 21, 2019

এই ছবিখনত ৰণবীৰ সিং, আলিয়া ভটৰ উপৰিও বিজয় ৰাজ, কল্কি কোছিন, সিদ্ধাৰ্থ চতুৰ্বেদী, বিজয় শৰ্মা আৰু অমৃতা সুভাষেও বহু গুৰুত্বপূৰ্ণ চৰিত্ৰত ভূমিকা প্ৰদান কৰিছিল। এফ এফ আইৰ ছেক্ৰেটাৰী জেনেৰেল সুপৰ্ণ সেনে এই সন্দৰ্ভত কয় যে, অস্কাৰৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত হোৱাৰ দৌৰত আছিল ২৭খনকৈ ছবি। কিন্তু অৱশেষত 'গলী বয়' ছবিখনকে বাচনি কৰা হয়।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী, ২০১৯ত ভাৰতৰ ছবিগৃহসমূহত মুক্তি পোৱা এই ছবিখনে সংগ্ৰহ কৰে মুঠ ২৩৮ কোটি টকা। ছবিখনৰ কাহিনী, অভিনেতাসকলৰ অভিনয়ৰ লগতে এই ছবিখনৰ গীতসমূহো অতিকৈ হীট হৈছিল।