ৰণবীৰ সিঙৰ পত্নী প্ৰেম সকলোৰে বাবে আদৰ্শ !

দুৰ্দান্ত অভিনয়ৰ সমান্তৰালকৈ ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰতিদিনে চৰ্চাত থাকে বলীউডৰ অন্যতম ‘হিট’ অভিনেতা ৰণবীৰ সিং। ৰণবীৰৰ বহু প্ৰত্যাশিত ছবি ৰ’কী অউৰ ৰাণী কি প্ৰেম কাহানী’ এতিয়া মুক্তিৰ অপেক্ষাত।ছবিখনত ৰণবীৰৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে।

author-image
Asomiya Pratidin
New Update
ৰণবীৰ সিঙৰ পত্নী প্ৰেম সকলোৰে বাবে আদৰ্শ !

ডিজিটেল ডেস্ক: দুৰ্দান্ত অভিনয়ৰ সমান্তৰালকৈ ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰতিদিনে চৰ্চাত থাকে বলীউডৰ অন্যতম ‘হিট’ অভিনেতা ৰণবীৰ সিং। ৰণবীৰৰ বহু প্ৰত্যাশিত ছবি ৰ’কী অউৰ ৰাণী কি প্ৰেম কাহানী’ এতিয়া মুক্তিৰ অপেক্ষাত।ছবিখনত ৰণবীৰৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাটে। যাৰ বাবে এই ছবিখনৰ প্ৰচাৰ চলোৱাত এতিয়া অতি ব্যস্ত হৈ পৰিছে ৰণবীৰ-আলিয়া।শেহতীয়াকৈ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাৰ এটা অনুষ্ঠানত ৰেম্পত দেখা গ'ল এই দুই তাৰকাক। এই অনুষ্ঠানতে ৰেম্পৰ পৰা আঁতৰি গৈ পত্নী দীপিকাক মৰম কৰিলে ৰণবীৰ সিঙে।ইয়াৰ পাছতেই এতিয়া চৌদিশে চৰ্চা লাভ কৰিছে ৰণবীৰ সিঙে।হয়, ৰণবীৰে ৰাজহুৱাকৈ পত্নী দীপিকাক মৰম তথা যত্ন লোৱাটো প্ৰায়ে সকলোৰে দৃষ্টিগোচৰ হয়।

Advertisment

প্ৰকৃততে, মনীষ মালহোত্ৰাৰ এই অনুষ্ঠানত ৰণবীৰ সিং আৰু আলিয়া ভাট ‘ব্ৰাইডাল কাউচাৰ শ্ব'ত শ্ব'ষ্টপাৰ হিচাপে দৰ্শকৰ সন্মুখলৈ আহিছিল। আলিয়াক কইনাৰ চেহেৰাত খুবেই ধুনীয়া  আৰু ৰণবীৰকো বগা শ্বেৰৱানী, উজ্জ্বল ফুলৰ প্ৰিণ্টেড জেকেটত বৰ আকৰ্ষণীয় দেখা গৈছিল। আলিয়াৰ সৈতে ৰেম্পত খোজ কাঢ়ি থাকোতেই ৰণবীৰে মাজতে ৰৈ অনুষ্ঠানৰ দৰ্শকৰ শাৰীত বহি থকা দীপিকাৰ গালত চুম্বন কৰে আৰু দীপিকাৰ কাষত বহি থকা তেওঁৰ মাতৃৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়। 

ইয়াৰ পিছতে অভিনেতাজনে মুকেশ আম্বানীক লগ কৰিবলৈ তেওঁৰ ওচৰ পায়গৈ। তেওঁ মুকেশ আম্বানীৰ সৈতে একেলগে বহি থকা ঈশা আম্বানীৰ সৈতেও কথা পাতে। অভিনেতাজনৰ এই ভিডিঅ'বোৰ ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই সম্প্ৰতি ‘ট্ৰেণ্ডিং’ত আছে। আনহাতে, অনুষ্ঠানটোত দীপিকাৰ কাষত কৰণ জোহৰ আৰু কাজলক দেখা গৈছে। ৰণবীৰৰ এই ভিডিঅ'টোত বহু অনুৰাগীয়ে মন্তব্য কৰিছে।বহুতেই ৰণবীৰৰ পত্নী প্ৰেম এক আদৰ্শ বুলি অভিহিত কৰিছে। আন একাংশই সকলো ছোৱালীৰে ৰণবীৰৰ দৰে স্বামী বিচাৰে বুলিও উল্লেখ কৰিছে।

Also Read: অনুৰাগীৰ মত: আগতেহে বেছি ধুনীয়া আছি ভূমি পানেকাৰ