ৰাণু মণ্ডলৰ ভাইৰেল VIDEO, গালে ‘সত্যম শিৱম সুন্দৰম…’

ৰাণু মণ্ডলৰ ভাইৰেল VIDEO, গালে ‘সত্যম শিৱম সুন্দৰম…’

author-image
asomiyapratidin
New Update
ৰাণু মণ্ডলৰ ভাইৰেল VIDEO, গালে ‘সত্যম শিৱম সুন্দৰম…’

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হৈ পৰা ৰাণু মণ্ডল বৰ্তমান বলিউডৰ গায়িকা ৰূপে সকলোৰে পৰিচিত। তেৰী মেৰি কাহিনী শীৰ্ষক গীতটোৰ দ্বাৰা বলিউড জগতত প্ৰথম খোজ দিয়া ৰাণু মণ্ডলে লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। শেহতীয়াকৈ ৰাণু মণ্ডলৰ এটা ভিডিঅ' ইন্টাৰনেটত খুবেই ভাইৰেল হৈ পৰিছে।

এই ভিডিঅ'টোত ৰাণু মণ্ডলে জনপ্ৰিয় তথা অভিজ্ঞ কণ্ঠশিল্পী লতা মংগেশকাৰৰ ছুপাৰহিট গীত 'সত্যম শিৱম সুন্দৰম' গাই থকা দেখা গৈছে। দৰাচলতে, কিছুদিন পূৰ্বে ৰাণু মণ্ডলে বঙালী টেলিভিচন শ্ব' 'কমেডী ষ্টাৰ্ছ'ত উপস্থিত হৈছিল। আৰু টেলিভিচন শ্ব'টোত তেওঁ গাইছিল এই গীতটি। ৰাণু মণ্ডলে গীতটি গোৱাৰ পাছত উপস্থিত সকলো আপ্লুত হৈ পৰে।