শ্বাহৰুখ খানৰ ছুপাৰহীট ছবিৰ গীত গাই হৃদয় জিনিলে ৰাণু মণ্ডলে, চাওঁক ভাইৰেল VIDEO…

শ্বাহৰুখ খানৰ ছুপাৰহীট ছবিৰ গীত গাই হৃদয় জিনিলে ৰাণু মণ্ডলে, চাওঁক ভাইৰেল VIDEO…

author-image
asomiyapratidin
New Update
শ্বাহৰুখ খানৰ ছুপাৰহীট ছবিৰ গীত গাই হৃদয় জিনিলে ৰাণু মণ্ডলে, চাওঁক ভাইৰেল  VIDEO…

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেতা তথা সংগীত পৰিচালক হিমেশৰেছমীয়াৰ ছবিত গীত গাই বলিউডত প্ৰৱেশ কৰা ৰাণু মণ্ডলে সফলতাৰে এই জগতখনত কাম কৰিগৈছে। 'তেৰী মেৰি কাহিনী' শীৰ্ষক গীতটো মুক্তিৰ পোৱাৰে পৰা দৰ্শকে তেওঁৰ কন্ঠকপ্ৰশংসা কৰিছে আৰু দেশবাসীয়ে তেওঁক এগৰাকী সুগায়িকা হিচাপে গ্ৰহণ কৰিছে।

Advertisment

তাৰমাজতে দীপাৱলীৰ সময়ত ৰাণু মণ্ডলৰ আৰু এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ'টোত বলিউডৰ কিং খান অর্থাৎ শ্বাহৰুখ খানৰ এখন ছুপাৰহীট ছবি 'দিলৱালে দুলহনিয়া লে জায়েংগে'ৰ 'তুঝে দেখা তো য়ে জানা…' শীৰ্ষক গীতটি গোৱা দেখা গৈছে ৰাণু মণ্ডলক। আৰু এই ভিডিঅ'টোত কোনো মঞ্চত ৰাণু মণ্ডলে গীত পৰিৱেশ কৰি থকা সময়ৰ বুলি জানিব পৰা গৈছে।

দৰাচলতে, শেহতীয়াকৈ ৰাণুমণ্ডলে এটা বঙালী টেলিভিচন শ্ব'ত উপস্থিত হৈছিল। সেই সময়তে তেওঁ শ্বাহৰুখ খানৰছবিৰ এই গীতটি গাইছিল। ৰাণু মণ্ডলৰ এই ভিডিঅ' ডেইলীহান্টৰ অফিচিয়েল ইনষ্টাগ্ৰামএকাউণ্টত শ্বেয়াৰ কৰা হয়। আৰু এতিয়া এনেদৰেই ৰাণু মণ্ডলে সুকণ্ঠৰে গীত গাই সকলোৰেহৃদয় জিনিছে।