/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/ashiwue-teri97e73ccc-d9ad-40c6-a019-c22c8155288f.jpg)
ডিজিটেল ডেস্কঃ ৰাণু মণ্ডল। এইটো এতিয়া সকলোৰে এক পৰিচিত নাম। নিজৰ সুৰীয়া কণ্ঠৰে বলিউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ আৰম্ভ কৰা ৰাণু মণ্ডল বৰ্তমান ব্যস্ত হিমেশ ৰেছমিয়াৰ নতুন ছবিৰ গীতত কণ্ঠদান কৰাত। ছ'চিয়েল মিডিয়াত ৰাণু মণ্ডলে গোৱা গীতৰ কিছু দৃশ্য আপলোড কৰি আহিছে বিগত কিছুদিনৰ পৰা হিমেশ ৰেছমিয়াই।
পূৰ্বে 'তেৰি মেৰী কাহিনী, 'আদত' শীৰ্ষক গীত দুটাত কণ্ঠদান কৰাৰ পাছত পুনৰ ৰাণু মণ্ডলক তৃতীয়টো গীতত কণ্ঠদান কৰাৰ সুবিধা প্ৰদান কৰিছে হিমেশ ৰেছমিয়াই। হিমেশ ৰেছমিয়াৰ পুৰণি গীত 'আশ্বিকী মে তেৰী'ক পুনৰ নতুন ষ্টাইলত বনাই গীতটিত কণ্ঠদান কৰিবলৈ দিয়া হৈছে ৰাণু মণ্ডলক।
হিমেশ ৰেছমিয়াৰ সৈতে তৃতীয়টো গীতত কণ্ঠদান কৰি থকা সময়ৰ কিছু দৃশ্যাংশ দেখিবলৈ পোৱা গৈছে এটা ভিডিঅ'ত। এই ভিডিঅ'ও ইনষ্টাগ্ৰামত পোষ্ট কৰিছে খোদ হিমেশ ৰেছমিয়াৰ নতুন ছবি হেপ্পী হাৰ্ডী এণ্ড হীৰ'ৰ অভিনেত্ৰী ছোনিয়া মানে।
উল্লেখ্য যে, ছবিখনত মুখ্য চৰিত্ৰত হিমেশ ৰেছমিয়াৰ সৈতে দেখিবলৈ পাবছোনিয়া মানক। অভিনেত্ৰীগৰাকীয়ে ভিডিঅ'টো ইনষ্টাগ্ৰামত আপলোড কৰি লিখিছে- 'তেৰিমেৰী কাহিনীৰ দৰে ছুপাৰহীট গীতৰ পাছত হিমেশ ৰেছমিয়াই নিজৰে গীত আশ্বিকী মে তেৰীকপুনৰ এক নতুন ষ্টাইলত নিৰ্মাণ কৰিছে। আৰু এই গীতটো তেওঁৰ লগতে ৰাণু মণ্ডলে কণ্ঠদানকৰিছে। চাওঁক তাৰেই কিছু দৃশ্যাংশ। গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালো।'