ছুপাৰহীট হ’ল ‘তেৰী মেৰি কাহিনী’, মাত্ৰ ৪দিনত ১ কোটিৰো অধিক দৰ্শক ইউটিউবত… চাওঁক VIDEO

ছুপাৰহীট হ’ল ‘তেৰী মেৰি কাহিনী’, মাত্ৰ ৪দিনত ১ কোটিৰো অধিক দৰ্শক ইউটিউবত… চাওঁক VIDEO

author-image
asomiyapratidin
New Update
ছুপাৰহীট হ’ল ‘তেৰী মেৰি কাহিনী’, মাত্ৰ ৪দিনত ১ কোটিৰো অধিক দৰ্শক ইউটিউবত… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ৰাণু মণ্ডলৰ প্ৰথমটো গীত 'তেৰী মেৰি কাহিনী' ছুপাৰহীট হ'ল ইউটিউবত। ১১ ছেপ্টেম্বৰত ইউটিউবত মুক্তি পোৱা ৰাণু মণ্ডলৰ এই গীতটো বৰ্তমানলৈ ১ কোটিৰো অধিক লোকে চাইছে। হিমেশ ৰেছমীয়াৰ নতুন ছহি 'হেপ্পী হাৰ্ডী এণ্ড হীৰ' ছবিখনৰ এইটোৱে প্রথমটো গীত। ইয়াৰ পৰিও ৰাণু মণ্ডলে ছবিখনৰ আৰু দুটা গীত ক্ৰমে 'আদত' আৰু 'আশ্বিকী মে তেৰী'ত কণ্ঠদান কৰিছে।

উল্লেখ্য যে, পশ্চিমবংগৰ ৰাণাঘাট ৰেল ষ্টেচনত গীত গোৱা এটা ভিডিঅ' ছ'চিয়েল মিডিয়াতভাইৰেল হোৱাৰ পাছতেই ৰাণু মণ্ডললৈ আহিছিল সৌভাগ্যৰ বতৰা। আৰু এনিশাৰ ভিতৰতে ৰাণু মণ্ডলহৈ পৰে ছ'চিয়েল মিডিয়াৰ ছুপাৰষ্টাৰ। তাৰপাছত গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেছমীয়াইৰাণু মণ্ডলক দিয়ে কন্ঠদানৰ এক সুযোগ।

তদুপৰি, ৰাণু মণ্ডলৰ বাকী গীত দুটাৰো কিছু দৃশ্যাংশৰ ভিডিঅ' টুইটাৰত আপলোড কৰিছিলহিমেশ ৰেছমীয়াই। সেই গীত দুটিও সম্পূৰ্ণকৈ বৰ্তমানলৈ মুক্তি পোৱা নাই যদিও, তাৰ দৃশ্যাংশচাই খুবেই ভাল পাইছে দৰ্শকে।