/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/ranbir-alia-1571739503.jpg)
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ২০২০ৰ ২২ জানুৱাৰীতে যুগ্মজীৱনৰ পাতনি মেলিব ৰণবীৰ-আলিয়াই। সকলো প্ৰস্তুতি প্ৰায় সাজু বুলিয়েই কব পাৰি। যোধপুৰৰ ওমেদ ভৱনত হব বিবাহ অনুষ্ঠান। ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈছে ৰণবীৰ-আলিয়াৰ বিয়াৰ কাৰ্ড।
এতিয়ালৈকে এনেদৰেই সকলো প্ৰচাৰ হৈছিল। বহুলোকে ছচিয়েল মিডিয়াতে ৰণবীৰ-আলিয়াক জনালে বিয়াৰ শুভেচ্ছা। কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে, এই বিয়াৰ সকলো খবৰ মিছা। ২০২০ ৰ ২২ জানুৱাৰীত বিয়া নহয় ৰণবীৰ আলিয়াৰ। ঘনিষ্ঠ সূৰ্তৰ খবৰনুসৰি তেনেকৈ বিয়াক লৈ কোনোধৰণৰ কথা ভৱা নাই ৰণবীৰ আৰু আলিয়াই।
উল্লেখ্য যে, ছচিয়েল মিডিয়াত ভাইৰেল হোৱা বিয়াৰ কাৰ্ডখনো ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। কিয়নো চিঠিখনত আছে কেইবাটাও ভুল। চিঠিখনত আলিয়াৰ দেউতাকৰ নাম উল্লেখ আছে মুকেশ ভট্ট বুলি, দৰাচলতে হব লাগে মহেশ ভট্ট। ইয়াৰ বিপৰীতে চিঠিখনত লিখা আছে 22th, আচলতে হব লাগে 22nd। এইসকলোবোৰতকৈ ওপৰৰ ভুলটো হৈছে চিঠিখনত কইনা আলিয়াৰ নামটোৱেই আছে ভুলকৈ। চিঠিত আছে 'Aliya', দৰাচলতে হব লাগে 'Alia'।