বহাগৰ প্ৰথম সপ্তাহতে মাহ-হালধীৰ গোন্ধ ল’ব ৰণবীৰ-আলিয়াই…

বহাগৰ প্ৰথম সপ্তাহতে মাহ-হালধীৰ গোন্ধ ল’ব ৰণবীৰ-আলিয়াই…

author-image
asomiyapratidin
New Update
বহাগৰ প্ৰথম সপ্তাহতে মাহ-হালধীৰ গোন্ধ ল’ব ৰণবীৰ-আলিয়াই…

ডিজিটেল ডেস্কঃআন এখন বিয়াৰ বাবে সাজু হৈছে বলিউড। দীৰ্ঘদিন ধৰি চলি থকা বিভিন্ন জল্পনা কল্পনাৰ অন্তত কাপুৰ পৰিয়ালৰ বোৱাৰী হ'বলৈ আগবাঢ়িছে ভাট পৰিয়ালৰ কন্যা তথা তাৰকা অভিনেত্ৰী আলিয়া। বলিউডত কাপুৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মই দীৰ্ঘ সময় ধৰি ৰাজ কৰি আহিছে বুলি কলেও ভুল কোৱা নহ'ব। কাপুৰ পৰিয়ালৰ প্ৰায়বোৰ সদস্যই হৈছে দেশৰ তাৰকা।

Advertisment

একেদৰে ভাট পৰিয়ালো কম নহয়। ভট পৰিয়ালৰো কেইবাটাও প্ৰজন্মই বলিউডত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিছে। অভিনয়, পৰিচালনা, নিৰ্দেশনাত ভাট পৰিয়ালৰ সদস্যৰ নাম আছে। কাপুৰ আৰু ভাট এই দুয়ো পৰিয়ালেই এতিয়া সম্পৰ্কৰ বান্ধোনেৰে ভান্ধ খাবলৈ প্ৰস্তুত হৈছে।

দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰখা ৰণবীৰ কাপুৰৰ লগত বিয়াত বহাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আলিয়া ভাটে। অহা ১৭ এপ্ৰিলতে বিয়াত বহিত দুয়ো তাৰকা। জানিব পৰা মতে আলিয়াৰ ককাদেউতাকৰ স্বাস্থ্যৰ অৱস্থা বৰ সন্তুোষজনক নোহোৱাৰ বাবেই দুয়োৱে বিয়াত বহাৰ সিদ্ধান্ত লৈছে।

অতি খৰখেদাকৈ অনুষ্ঠিত হ'বলগীয়া হোৱাত এইখন বিয়াও অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব। দীৰ্ঘদিনৰ পৰা দুয়োগৰাকী তাৰকাৰ অনুৰাগীৰ লগতে বলিউড পৰিয়াল এই বিয়াখনক লৈ উৎসাহী হৈ আছিল যদিও পৰিস্থিতিৰ মাজত পৰি অতি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই বিয়াত বহু তাৰকাই লাভ নকৰিব নিমন্ত্ৰণ।

দুয়ো পৰিয়ালৰ সদস্যৰ বাহিৰে এই বিয়াত উপস্থিত থাকিব কেৱল মাত্ৰ ৰনবীৰ কাপুৰৰ কেইজনমান অন্তৰংগ বন্ধু। একেবাৰে অনাড়ম্বড়পূৰ্ণ ভাৱে অনুষ্ঠিত হ'বলগীয়া এই বিয়াত খুব কম সংখ্যক লোকহে উপস্থিত থাকিব। জানিব পৰা দুই তাৰকাৰ এই বিয়া অনুষ্ঠিত হ'ব চেম্বুৰৰ আৰ কে ষ্টুডিঅ'ত।