/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/rakhisawant001_710x400xt.jpg)
ডিজিটেল ডেস্কঃ আকৌ চৰ্চালৈ আহিছে সময়ে সময়ে বিতৰ্ক ভাল পোৱা ৰাখী ছাৱন্ত। কোনো বিতৰ্কিত কামৰ বাবে নহয়, চৰ্চালৈ আহিছে মানৱ সমাজৰ উৎকৰ্ষ সাধন কৰিব পৰা এক ঘোষণাৰ জৰিয়তে। পিছে এনে এক ভাল কাম কৰিবলৈ ল'লেও অভিনেত্ৰীগৰাকীক লগ এৰা দিয়া নাই বিতৰ্কই। মানৱ সমাজৰ উৎকৰ্ষ সাধন কৰিব পৰা ঘোষণাটোকো বিতৰ্কৰ ৰূপ দিছে একাংশ লোকে।
সুযোগ পালেই ৰক্তদান কৰে অভিনেত্ৰী ছাৱন্তে। ৰক্তদানৰ পিছত অংগদানৰ প্ৰতিও উৎসাহী হৈ পৰিছে অভিনেত্ৰীগৰাকী। এই অনুযায়ী শেহতীয়াকৈ অংগদানৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে তেওঁ। উক্ত ঘোষণাৰ পিছতে এতিয়া চৌদিশে পুনৰ সৃষ্টি হৈছে হৈ-চৈৰ।
কিদৰে সকলো সময়তে সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিব পাৰি সেয়া ভালদৰে বুজি পোৱা ৰাখীয়ে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে মুকলি কৰিছে এটা ভিডিঅ' বাৰ্তা। এই ভিডিঅ' বাৰ্তাৰ জৰিয়তে তেওঁ ৰাজহুৱা কৰে সেই বিশেষ ঘোষণা।
Click Here
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ নিৰ্বাচনত আছুৰ আধিপত্য
ভিডিঅ'টোৰ বিষয় অংগদান। কিয় সকলোৱে অংগদানৰ প্ৰতি আগ্ৰহী হ'ব লাগে সেই কথা উল্লেখ কৰি কিছুদিন পূৰ্বে ঐশ্বৰ্য ৰায়ে নেত্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তক প্ৰংশসা কৰা ৰাখীয়ে নিজেও তেনে মহান কাম কৰিবলৈ আগ্ৰহী বুলি মন্তব্য কৰে। পিছে নেত্ৰ, বৃক্ক, যকৃত বা তেনেধৰণৰ আন অংগ নহয় অভিনেত্ৰীগৰাকীয়ে দান কৰিব এক বিশেষ অংগ। স্তনৰ কৰ্কটত আক্ৰান্ত মহিলাসকল উপকৃত হ'ব পৰাকৈ তেওঁ দান কৰিব বিচাৰে স্তন।
'ঐশ্বৰ্যই নেত্ৰ দান কৰিছে। কোনোৱে বৃক্ক, যকৃত দান কৰিছে। এনে খবৰ শুনিলেই বুকু ভৰি পৰে। ময়ো সমাজৰ বাবে তেনে মহান কাম কৰিব বিচাৰো। মই দান কৰিব বিচাৰো মোৰ স্তন যুগল। কাৰ কামত আহে নাজানো। কিন্তু এই অংগ দানৰ জৰিয়তে মই অংগদানৰ আন্দোলনত নামিব বিচাৰো।'-ৰাখীয়ে কয়।
Click Here
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
আন্ধাৰ নে পোহৰৰ বাট দেখুৱাইছে ছ'চিয়েল মিডিয়াই?
ইনষ্টাগ্ৰামত পোষ্ট কৰা উক্ত ভিডিঅ'টো ইতিমধ্যে ১০ লাখতকৈয়ো অধিক লোকে প্ৰত্যক্ষ কৰিছে। উক্ত সিদ্ধান্তৰ বাবে ট্ৰলৰো সন্মুখীন হৈ পৰিছে ড্ৰামা কুইনখ্যাত অভিনেত্ৰীগৰাকী। অৱশ্যে তেনে কোনো কথালৈ ভ্ৰূক্ষেপ কৰিবলৈ সময় নাই ৰাখীৰ। 'যিসকল স্তনৰ কৰ্কটত আক্ৰান্ত, সেইসকলৰ স্তন অস্ত্ৰোপচাৰৰ জৰিয়তে আঁতৰাই দিয়া হয়। সেয়ে মই স্তনদান দিয়াৰ বিষয়ে সিদ্ধান্ত লৈছো। ইয়াক লৈ বিতৰ্ক কৰাসকল মানুহৰ শাৰীত নপৰে।'-ৰাখীয়ে কয়।