ডনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ এজন লোকৰ সৈতে হৈছে ৰাখী সাৱন্তৰ বিয়া, ক’লে নিজ মুখে…

ডনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ এজন লোকৰ সৈতে হৈছে ৰাখী সাৱন্তৰ বিয়া, ক’লে নিজ মুখে…

author-image
asomiyapratidin
New Update
ডনাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ এজন লোকৰ সৈতে হৈছে ৰাখী সাৱন্তৰ বিয়া, ক’লে নিজ মুখে…

ডিজিটেল ডেস্কঃ সততে বিৰ্তকৰ শিৰোনাম দখল কৰা বলিউড অভিনেত্ৰী ৰাখী সাৱন্ত কিছু দিনৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছে। কিছুদিন ধৰি সংবাদমাধ্যমৰ পৰা আতৰি থকা ৰাখী সাৱন্ত বিয়াৰ খবৰক লৈ পুণৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিলে। ৰাখীক লৈ ব্যস্ত হৈ পৰিল একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যম। শিৰত সেন্দুৰ আৰু কইনাৰ সাজ পিন্ধি ছচিয়েল মিডিয়াত ফটো আপলোড দি থকা ৰাখীয়ে সংবাদ মাধ্যমক স্বামীৰ সন্দৰ্ভত কোনো মন্তব্য ৰখা নাছিল। কিন্তু শেহতীয়াকৈ ৰাখীয়ে স্বামীক লৈ মুখ খুলিছে।

হিন্দুস্তান টাইমছৰ এক সাক্ষাৎকাৰত ৰাখীয়ে কয় যে- মোৰ স্বামীৰ চেহেৰা মই ৰাজহুৱা কৰিব বিছৰা নাই। সংবাদ মাধ্যমৰ কিছুমান কথা মোৰ স্বামীয়ে বহুত বেয়া পায়। অযথা কথাত লাগি থাকিবলৈ তেওৰ সময়ো নাই। বিবাহ দুজন ব্যক্তি আৰু ২ টা পৰিয়ালৰ মাজত হয়, ইয়াক লৈ ঢোল কোবাই জনাব লাগে বুলি মই নাভাৱো।

সাক্ষাৎকাৰত ৰাখী সাৱন্তে লগতে কয় যে, মোৰ স্বামীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ট ট্ৰাম্পৰ সৈতে কাম কৰে। ট্ৰাম্পৰ লগত থকা দলটোৰ এটা গুৰুত্বপূৰ্ণ পদবীত আছে তেও। স্বামীৰ সৈতে প্ৰথম কেনেকৈ চিনাকী হল বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাখীয়ে কয়- এটা টিভি চেনেলৰ সাক্ষাৎকাৰত প্ৰথমে দেখি পিচত মোৰ সৈতে যোগাযোগ কৰিছিল। হিন্দু পৰম্পৰাৰে বিয়াৰ পতাৰ আগত কৰ্ট মেৰিজ কৰা হৈছিল বুলিও জনায় ৰাখী সাৱন্তে।