আজি মেগাষ্টাৰ ৰজনীকান্তৰ জন্মদিন

‘জেইলাৰ’ৰ ‘ফাৰ্ষ্ট লুক’ মুকলি : চোদিশে চৰ্চা
আজি মেগাষ্টাৰ ৰজনীকান্তৰ জন্মদিন

ডিজিটেল ডেস্ক: ছবিপ্ৰেমীসকলক ব্যতিক্ৰমভাৱে মনোৰঞ্জন কৰি ছবিজগতত এক সুকীয়া স্থান দখল কৰা মেগাষ্টাৰ ৰজনীকান্তৰ আজি জন্মদিন। ‘দক্ষিণ ভাৰতৰ ভগৱান’খ্যাত ৰজনীকান্তে আজি ৭২ বছৰত ভৰি দিলে।এইজন মেগাষ্টাৰৰ জন্মদিন দক্ষিণ ভাৰতত উৎসৱৰ দৰে উদযাপন কৰা হয়।ৰজনীকান্তক ভাৰতীয় ছবিৰ ইতিহাসৰ আটাইতকৈ সফল তথা জনপ্ৰিয় অভিনেতা হিচাপে গণ্য কৰা হয়।এইগৰাকী মেগাষ্টাৰৰ প্ৰকৃত নাম শিৱাজী ৰাও গায়কৱাড যদিও তেওঁ অনুৰাগীৰ মাজত ৰজনীকান্ত আৰু ‘তলাইভা’ বুলিয়েই বেছি পৰিচিত।

ৰজনীকান্তৰ জন্ম হৈছিল ১৯৫০ চনৰ ১২ ডিচেম্বৰত বাংগালুৰোত।এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ হিচাপে পাঁচ দশকতকৈও অধিক সময়ৰ কেৰিয়াৰত তেওঁ ১৬০ খন ছবিত অভিনয় কৰিছে।ইয়াৰ ভিতৰত তামিল, হিন্দী, তেলেগু, কানাড়া, বঙালী আৰু মালায়ালম ছবি অন্তৰ্ভুক্ত আছে।ছবিত প্ৰদৰ্শন কৰা অতুলনীয় ষ্টাইল আৰু দুৰ্দান্ত অভিনয়ৰ বাবে দেশবাসীৰ মনত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে এই গৰাকী অভিনেতাই।ছবিজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰজনীকান্তক ভাৰত চৰকাৰে ২০২০ চনত পদ্মভূষণ, ২০১৬ চনত পদ্ম বিভূষণ আৰু ২০১৯ চনত দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে।

আজি মেগাষ্টাৰ ৰজনীকান্তৰ জন্মদিন
আৰক্ষী বাহিনীত যোগ দিলে দীপিকাই

ছুপাৰষ্টাৰ ৰজনীকান্তক আগন্তক বৰ্ষৰ প্ৰথমতেই তেওঁৰ নতুন ছবি ‘জেইলাৰ’ত দৰ্শকে এক নতুন ৰূপত দেখিবলৈ পাব। ‘জেইলাৰ’ৰ চিত্ৰনাট্য আৰু পৰিচালনা নেলছন দিলীপ কুমাৰৰ।বহু চৰ্চিত এই ছবিখনত ৰজনীকান্তে মুথুভেল পাণ্ডিয়ান নামৰ চৰিত্ৰটোত অভিনয় কৰিছে। ‘জেইলাৰ’ এখন একশ্যন কমেডী ছবি। ছুপাৰষ্টাৰজনৰ জন্মদিন উপলক্ষে আজি ‘জেইলাৰ’ৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে। 

ৰজনীকান্তৰ লগতে এই ছবিখনত শিৱ ৰাজকুমাৰ, ৰাম্য কৃষ্ণন, বসন্ত ৰবি, যোগী বাবু আৰু বিনায়কনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ সংগীত অনিৰুদ্ধ ৰবিচন্দ্ৰৰ, চিনেমাটোগ্ৰাফী বিজয় কাৰ্তিক কান্ননৰ আৰু সম্পাদনাৰ দায়িত্বত আছে নিৰ্মল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in