ৰাজনীতিত প্ৰৱেশৰ পৰাই চৰ্চাত থকা এই বিশেষ নেতাজনৰ বিষয়ে জানেনে?

পিছে পৰিণীতিৰ পছন্দৰ এইজন বিশেষ ব্যক্তিজনৰ বিষয়ে আপুনি বিতংভাৱে জানেনে ?

author-image
Asomiya Pratidin
New Update
ৰাজনীতিত প্ৰৱেশৰ পৰাই চৰ্চাত থকা এই বিশেষ নেতাজনৰ বিষয়ে জানেনে?

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা খুব চৰ্চাত আছে এগৰাকী বিশেষ ব্যক্তি।এই বিশেষ ব্যক্তিজনৰ নাম ৰাঘৱ চাদ্ধা।হয়, বলাউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কৰ বাবেই তেওঁ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত।আজিকালি প্ৰায়েই দুয়োজনকে মুম্বাইৰ ৰেষ্টুৰেণ্টসমূহত একেলগে দেখিবলৈ পোৱা যায়।দুযোজনে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰা নাই যদিও তেওঁলোকে অতি সোনকালে বিবাহপাশত আৱদ্ধ হ’ব বুলি চৰ্চা চলিছে।পিছে পৰিণীতিৰ পছন্দৰ এইজন বিশেষ ব্যক্তিজনৰ বিষয়ে আপুনি বিতংভাৱে জানেনে ?

Advertisment

১৯৮৮ চনৰ ১১ নৱেম্বৰত সুনীল চাদ্ধা আৰু অলকা চাদ্ধাৰ ঘৰত জন্মগ্ৰহণ কৰা ৰাঘৱ দিল্লীতে ডাঙৰ দীঘল হৈছে। তেওঁ বাৰাখাম্বাৰ মডাৰ্ণ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰী ভেঙ্কটেশ্বৰ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে।অৱশ্যে, তেওঁ এবছৰ পিছত ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াৰ (আইচিএআই) পৰা চাৰ্টাৰ্ড একাউণ্টেন্সি (চিএ) পঢ়িবলৈ এই মহাবিদ্যালয়ৰ শিক্ষা ত্যাগ কৰে। পৰৱৰ্তী সময়ত ৰাঘৱে লণ্ডন স্কুল অফ ইকনমিক্সৰ পৰা ইএমবিএ (ব্যৱসায় প্ৰশাসনৰ কাৰ্যবাহী মাষ্টাৰ)ত প্ৰমাণপত্ৰ পাঠ্যক্ৰম অধ্যয়ন কৰে।

অৰবিন্দ কেজৰিৱালক লগ পোৱাৰ পিছত ২০১২ চনত আৰম্ভ হৈছিল ৰাঘৱৰ ৰাজনৈতিক যাত্ৰা। প্ৰথমতে তেওঁ দলৰ খচৰা সমিতিৰ অংশ আছিল।সেই সময়ত তেওঁ বহুতো গুৰুত্বপূৰ্ণ বিষয়ত দলটোক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ দলৰ আটাইতকৈ কনিষ্ঠ মুখপাত্ৰ আছিল।ব্যতিক্ৰমী ব্যক্তিত্ব তথা কাম কৰাৰ কৌশলৰ বাবে এইজন নেতা দলত যোগদানৰ পৰা বৰ্তমানলৈ চৰ্চাত আছে।

ৰাঘৱ চাদ্ধা দিল্লীৰ এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু বৰ্তমান জল ব’ৰ্ডৰ উপ-সভাপতি। ইয়াৰ লগতে তেওঁ দিল্লীৰ কেজৰিৱাল চৰকাৰৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।তেওঁ ২০১৬ চনত দিল্লীৰ বাজেটৰ খচৰা প্ৰস্তুত কৰাত উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ সহায়ক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই সময়ছোৱাত তেওঁ প্ৰতি মাহে মাত্ৰ এক টকা দৰমহা লৈছিল। তেওঁ তেওঁৰ আঢ়ৈ মাহৰ দৰমহা ২.৫ টকা গৃহ মন্ত্ৰালয়লৈ ঘূৰাই দি শিৰোনাম দখল কৰিছিল। 

তেওঁৰ সামৰ্থ্য আৰু উৎকৃষ্ট নেতৃত্ব দেখি আন সকলো বিৰোধী দলত এক আলোড়ন সৃষ্টি হৈছিল। ৰাঘৱ চাদ্ধাই যিদৰে পঞ্জাৱ বিধানসভাত ৰাজ্যিক সভাপতিৰ ভূমিকা পালন কৰিছে, তেওঁৰ সামৰ্থ্য দেখি তেওঁ অনাগত সময়ত এজন অতি ডাঙৰ নেতা হিচাপে বিবেচিত হৈছে।

উল্লেখ্য, অতি কৰ্মনিষ্ঠ তথা ষ্টাইলিষ্ট হোৱাৰ বাবেই হেনো এইজন নেতাৰ প্ৰেমত পৰিল পৰিণীতি।নেতাজনৰ ব্যতিক্ৰমী ব্যক্তিত্বৰো অনুৰাগী পৰিণীতি চোপ্ৰা।অনুৰাগীসকলে তেওঁলোকৰ যুটীটোক যথেষ্ট পছন্দ কৰিছে। ছ’ছিয়েল মেডিয়াযোগে অনুৰাগীসকলে তেওঁলোকক সোনকালে বিবাহপাশত আৱদ্ধ হ’বলৈও অনুৰোধ জনাইছে।

Also Read: শীঘ্ৰেই বিবাহ পাশত আবদ্ধ হ’ব পৰিণীতি চোপ্ৰা

পৰিণীতি চোপ্ৰা ৰাঘৱ চাদ্ধা