/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/Honey-Singh-Injured_d.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘ বিৰতিৰ মুৰত ৰূপালী পৰ্দালৈ ঘূৰি আহি বিপদত কন্ঠশিল্পী হনী সিং। 'মখনা' শীৰ্ষক গীতটোৰ জৰিয়তে পুণৰ জনপ্ৰিয়তাৰ শীৰ্ষত অৱস্থান কৰা হনী সিঙক পঞ্জাৱ মহিলা আয়োগে কৰিছে পত্ৰ। আয়োগৰ অভিযোগ মহিলাক লৈ গীতটোত বহু অশ্লীল শব্দ প্ৰয়োগ কৰা হৈছে।
ইতিমধ্যে মহিলা আয়োগে পঞ্জাৱ আৰক্ষী সঞ্চালককো হনী সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। হনী সিঙৰ লগতে গীতটিত কন্ঠদান কৰা নেহা কক্কৰ আৰু টি-চিৰিজৰ চেয়াৰমেন ভুষণকুমাৰৰ ওপৰতো আইনী ব্যৱস্থা ল'বলৈ দাবী জনাইছে আয়োগে। ১২ জুলাইৰ ভিতৰত বিহিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে আয়োগে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us