বিদেশৰ পৰাই মান্নাৰালৈ বাৰ্তা প্ৰেৰণ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' হিচাপে খ্যাত ‘বিগ বছ’ৰ সম্প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে। ‘বিগ বছ ১৭’ত অংশ গ্ৰহণ কৰিছে মুঠ ১৭জন প্ৰতিযোগীয়ে।এই প্ৰতিযোগীসকলৰ ভিতৰত আছে এগৰাকী হাই প্ৰফাইল প্ৰতিযোগী।

author-image
Asomiya Pratidin
New Update
বিদেশৰ পৰাই মান্নাৰালৈ বাৰ্তা প্ৰেৰণ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

ডিজিটেল ডেস্ক: টেলিভিছনৰ আটাইতকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' হিচাপে খ্যাত ‘বিগ বছ’ৰ সম্প্ৰচাৰ ইতিমধ্যে আৰম্ভ হৈছে। ‘বিগ বছ ১৭’ত অংশ গ্ৰহণ কৰিছে মুঠ ১৭জন প্ৰতিযোগীয়ে।এই প্ৰতিযোগীসকলৰ ভিতৰত আছে এগৰাকী হাই প্ৰফাইল প্ৰতিযোগী। হয়, বলীউডৰ তাৰকা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু পৰিণীতি চোপ্ৰাৰ সম্বন্ধীয় ভগ্নী মান্নাৰা চোপ্ৰাই অংশ লৈছে এই বহু বিতৰ্কিত  ৰিয়েলিটি শ্ব'টোত।

Advertisment

প্ৰিয়ংকাৰ ভগ্নী মান্নাৰা এগৰাকী মডেল, অভিনেত্ৰী। অৱশ্যে, হিন্দীতকৈ তেওঁ দক্ষিণৰ ছবিতহে অধিক অভিনয় কৰিছে।পিছে, আন প্ৰতিযোগীৰ সৈতে মতৰ অমিল হোৱাত বাৰে বাৰে আৱেগিক হৈ পৰে মান্নাৰা।তদুপৰি, পৰিয়ালৰ কেতবোৰ গোপন কথা আন প্ৰতিযোগীসকলে তেওঁক সুধি থকাত মান্নাৰা মাজে মাজে অস্থিৰ হৈ পৰে।ফলত শ্ব’টোত প্ৰায়ে কান্দি থকা দেখিবলৈ পোৱা গৈছে মান্নাৰা চোপ্ৰাক।

মৰমৰ ভগ্নীক কান্দি থকা দেখি স্বাভাৱিকভাৱেই আৱেগিক হৈছে প্ৰিয়ংকা চোপ্ৰা।সেয়েহে, স্বামীগৃহত থকা প্ৰিয়ংকাই ছ’চিয়েল মেডিয়াৰ যোগেদিয়েই ভগ্নীক সমৰ্থন জনাইছে।মান্নাৰা আৰু প্ৰিয়ংকা একেলগে তোলা এখন ফটো ছ’চিয়েল মেডিয়াত প’ষ্ট কৰি প্ৰিয়ংকাই মান্নাৰাক আৱেগিক নহৈ ভালদৰে খেলত মনোনিৱেশ কৰাৰ উপদেশ দি শুভকামনা জনায়।ছ’চিয়েল মেডিয়াত প’ষ্ট কৰা এই ফটোখন প্ৰিয়ংকা মিছ ৱৰ্ল্ড হোৱাৰ সময়ৰ।

উল্লেখ্য যে, ‘বিগ বছ ১৭’ত প্ৰৱেশ কৰোতে মান্নাৰাই প্ৰকাশ কৰিছিল যে, প্ৰিয়ংকা তেওঁৰ মোমায়েকৰ ছোৱালী।কিন্তু তেওঁ পৰিয়ালৰ পৰিচয়ৰে নহয়, নিজৰ পৰিচয়ৰহে সকলোৰে মাজত পৰিচিত হ’বলৈ বিচাৰে।

ইফালে, এইবাৰ 'বিগ বছ'ত উজলি উঠিছে এগৰাকী অসম কন্যা। তেওঁৰ নাম ফিৰোজা খান ওৰফে খানজাদী। খানজাদী পেছাত এগৰাকী ৰেপাৰ। খানজাদীয়ে দিনক দিনে আন প্ৰতিযোগীৰ সমান্তৰালকৈ দৰ্শকৰো মন জয় কৰিবলৈ সক্ষম হৈছে।

Also Read: ছ’চিয়েল মেডিয়াৰ ভাইৰেল ভিডিঅ'য়ে স্পষ্ট কৰিলে সত্য