/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/priyanka-final.jpg)
ডিজিটেল ডেস্কঃ তেওলোকৰ বিয়াখনক লৈ সমগ্ৰ বিশ্বতে চৰ্চা হৈছিল। ছ'চিয়েল মিডিয়াতো হৈছিল ব্যাপক চৰ্চা। অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ২০১৮ বৰ্ষৰ ১ ডিচেম্বৰত সম্পন্ন হৈছিল প্ৰিয়ংকা আৰু নিকৰ বিয়া।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2019-03/mg8nt028_priyanka-chopra-instagram_625x300_28_March_19.jpg)
বিয়াৰ পিছৰে পৰা ইজনে সিজনৰ সৈতে যথেষ্ট সুখত সময় কটোৱা পৰিলক্ষিত হৈছিল। ভীষণ ব্যস্ততাৰ মাজতো নিক-প্ৰিয়ংকাই কটোৱা মধুৰ সময়ৰ বিভিন্ন ফটো ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/d9a725f6-4041-4b3b-aa80-9f77b6755836.jpg)
কিন্তু প্ৰিয়ংকা-নিকৰ সুখৰ সংসাৰলৈ হঠাৎ নামি আহিছে ধুমুহা। বিবাহিত জীৱনত দুয়ো সুখী নহয়। অতি কমদিনৰ ভিতৰতে প্ৰেম আৰু তাৰপিছতে বিয়াৰ সিদ্ধান্তগ্ৰহণ কৰা নিক-প্ৰিয়ংকাই এতিয়া বিচাৰিছে বিবাহ বিচ্ছেদ। প্ৰিয়ংকা-নিকৰ এই খবৰ কিমান সঁচা সেই সম্পৰ্কত কোনো নিশ্চিত তথ্য লাভ কৰা নাই যদিও 'অকে' নামৰ এখন আন্তৰাষ্ট্ৰীয় আলোচনীয়ে প্ৰকাশ কৰিছে এই খবৰ। আলোচনীখনে লগতে প্ৰকাশ কৰিছে যে ২৬ বছৰীয়া নিক আৰু ৩৬ বছৰীয়া প্ৰিয়ংকাৰ মাজত এতিয়া সঘনাই হয় কাজিয়া। কোনো পাৰ্টি, কাম অথবা সিদ্ধান্তগ্ৰহণৰ সময়ত দুয়ো লিপ্ত হয় তূমুল কাজিয়াত।
/https://media.assettype.com/asomiyapratidin/import/2019/03/Priyanka-Chopra-Nick-Jonas-Divorce.jpg)
আনহাতে এই খবৰো ওলাইছে যে, প্ৰিয়ংকাক লৈ সুখী নহয় নিকৰ পৰিয়াল। সৰু সৰু কথাতে খঙ উঠা নিকক প্ৰিয়ংকাই বিয়াৰ পিছত শান্ত কৰিব বুলি ভাৱিছিল যদিও বিয়াৰ পাছত সেয়া হৈ নুঠিল। বৰঞ্চ ঘৰত সময় নিদি বিভিন্ন কাম কাজত ব্যস্ত থাকি প্ৰিয়ংকাই অতি কম সময় দিছে পৰিয়ালক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/03/31/363928-priynak.jpg)
নিক-প্ৰিয়ংকাৰ এই খবৰক লৈ চৰ্চা হৈ থকাৰ সময়তে প্ৰিয়ংকাই স্বামীৰ পৰিয়ালৰ সৈতে উঠা কিছু ফটো ইষ্টাগ্ৰামত ছেয়াৰ কৰিছে। কিছুলোকে মন্তব্য কৰিছে যে বিবাহ বিচ্ছেদৰ খবৰ ভুৱা বুলি প্ৰমাণ কৰিবলৈয়ে প্ৰিয়ংকাই এই ফটো চেয়াৰ কৰিছে। শেহতীয়াকৈ বলিউদ লাইফ নামৰ এটা ৱেবচাইটে দাবী কৰিছে যে, এই খবৰ সম্পূণৰূপে ভুৱা আৰু ভিত্তিহীন।

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহতো এই আলোচনীখনে এক ভুৱা খবৰ প্ৰচাৰ কৰিছিল যে, বিয়াৰ পিছত প্ৰিয়ংকা-নিক কত থাকিব তাক লৈ দুয়োৰে মাজত কাজিয়া হৈছে। আনহাতে প্ৰিয়ংকাৰ ঘনিষ্ঠ সূত্ৰয়ো এই খবৰ ভুৱা বুলি সংবাদমাধ্যমক অৱগত কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us