/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/e50ce9d4-fed8-4fb8-9e63-5e043e1406b4.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাৰ প'প গায়ক নিক জ'নাছে আয়োজন কৰে পত্নী প্ৰিয়ংকা চোপ্ৰাৰ জন্মদিনত এক ছাৰপ্ৰাইজ পাৰ্টী। ১৮ জুলাইত মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৩৭ বছৰত ভৰি দিয়ে। ইফালে, অভিনেত্ৰীগৰাকীৰ জন্মদিনৰ বহু কেইখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/eiwwild-ctUntitled-4.jpg)
ফটো কেইখনত দেখা গৈছে যে, নিক, প্ৰিয়ংকাৰ লগতে অভিনেত্ৰীগৰাকীৰ ভগ্নী তথা বলিউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰায়ো জন্মদিন উদযাপন কৰে। প্ৰিয়ংকাৰ জন্মদিনৰ ফটো ইনষ্টাগ্ৰামত আপলোড কৰে নিক জ'নাছে। ফটো কেইখনৰ লগতে নিকে লিখে- 'মোৰ পৃথিৱীখনৰ পোহৰ। মই তোমাক বহুত ভাল পাওঁ। জন্মদিনৰ শুভেচ্ছা যাচিলো।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/wild-ccsc-22Untitled-3.jpg)
ইফালে, বুধবাৰে প্ৰিয়ংকা চোপ্ৰাই নিজৰ টুইটাৰ একাউন্টত অসমৰ বানপীড়িত সকলক উদ্দ্যেশিও এক টুইট কৰে। তেওঁ টুইটাৰত লিখে – 'অসম আৰু ভাৰতৰ অন্য স্থানত বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছে। মই খুবেই দুখ অনুভৱ কৰিছো এই ক্ষতিগ্ৰস্ত লোকসমূহৰ বিষয়ে পঢ়ি। বানপীড়িতসকলৰ বাবে মই ঈশ্বৰৰ ওচৰত সেৱা জনাইছো।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/wild-ccUntitled-2.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us