বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!

বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!

author-image
asomiyapratidin
New Update
বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!

ফাইল ফটো

ডিজিটেল ডেস্কঃ বলিউডৰ ছুপাৰহীট ছবি 'দংগল'ৰ পৰিচালক নীতেশ তিৱাৰীয়ে বলিউডৰ আটাইতকৈ ডাঙৰ ছবি নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আছে। দৰাচলতে, এই পৰিচালকগৰাকীয়ে তিনিটাকৈ ছিৰিজত 'ৰামায়ন' শীৰ্ষক ছবি এখন নিৰ্মাণৰ পৰিকল্পনা চলাইছে। ছবিখনত ৰাম আৰু সীতাৰ ৰূপত জনপ্ৰিয় অভিনেতা হৃত্বীক ৰোশ্বন আৰু অভিনেত্ৰী দীপিকা পাডুকনক দেখা পোৱাৰ সম্ভাৱনা আছে।

ইফালে, ছবিখনত 'ৰাৱণ'ৰ চৰিত্ৰত কোনে অভিনয় কৰিব সেই সন্দৰ্ভত চৰ্চা চলিছে।শেহতীয়াকৈ ৰাৱণৰ চৰিত্ৰত বাহুবলী ছবিত অভিনয় কৰি সমগ্ৰ বিশ্বৰ হৃদয় জিনা জনপ্ৰিয়অভিনেতা প্ৰভাসক দেখা পোৱা যাব বুলি সম্ভাৱনা কৰা হৈছে।

পিংকৱিলাৰ এক খবৰ অনুসৰি, এই বিষয়ে ছবিখনৰ পৰিচালক নীতেশ তিৱাৰীৰ ঘনিষ্ঠ একসূত্ৰই সদৰী কৰিছে। সূত্ৰ অনুসৰি, পৰিচালক গৰাকীয়ে এইখন ছবি প্ৰায় ৬০০ কোটি টকাব্যয়ৰে নিৰ্মাণ কৰা হ'ব। আৰু যদি তেনে হয়, তেন্তে 'ৰামায়ণ' হ'ব বলিউডৰ আটাইতকৈ বিগবাজেটৰ ছবি। আৰু ছবিখন মুক্তি পাব হিন্দীৰ লগতে তামিল আৰু তেলেগু ভাষাতো।

তিনিটাকৈ ভাষাত নিৰ্মাণ হ'ব লগা এই ছবিখনৰ নিৰ্মাণৰ দায়িত্বত থকা লোকসকলেইপ্রভাসক 'ৰাৱণ'ৰ চৰিত্ৰত অভিনয় কৰাটো বিচাৰিছে। আৰু ৰামৰ চৰিত্ৰ হৃত্বীক আৰু সীতাৰচৰিত্ৰত দীপিকাই অভিনয় কৰাৰ সম্ভাৱনা আছে।

অৱশ্যে এই ছবিখনত কোনে কোনটো চৰিত্ৰত অভিনয় কৰিব সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনোআনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ছবিখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কেৱল আলোচনাহে আৰম্ভহৈছে বুলি জানিব পৰা গৈছে।