/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/10/pravash.jpg)
ডিজিটেল ডেস্কঃ তেলেংগনাৰ বান পৰিস্থিতিৰ বাবে দক্ষিণ ভাৰতীয় অভিনেতা বাহুৱলী খ্যাত প্ৰভাসে ভুক্তভোগী জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তেওঁ তেলেংগনাৰ মুখ্যমন্ত্ৰী সহায়নিধিলৈ আগবঢ়াইছে ধন। উল্লেখযোগ্য যে প্ৰভাসে কোভিড পৰিস্থিতিটো কেন্দ্ৰ তথা ৰাজ্যিক সহায় পুঁজিলৈ আগবঢ়াইছিল অনুদান।
তেলেংগনাত বান আৰু ধাৰাষাৰ বৰষুণৰ প্ৰভাৱ এতিয়াও বিদ্যমান। বানৰ বাবে তেলেংগনাত বৰ্তমানলৈকে প্ৰায় ৭০ জন লোকৰ মৃত্যু হৈছে। তেনেংগনাৰ চৰকাৰী তথ্য অনুসৰি চহৰখনত ১৯০৮ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে ইমান নেৰানেপেৰা বৰষুণ হৈছে,যত ৰাজ্য চৰকাৰখনৰ ভৈয়ামৰ নিম্ন অংশত থকা প্ৰায় ৩৭ হাজাৰ মানুহ আশ্ৰয় শিবিৰত থাকিব লগা হৈছে।